![]()
নিউজ ডেস্কঃ
চিবিআই আৰু ইডি প্রধানৰ পিছত এইবাৰ দেশৰ গুপ্তচৰ সংস্থা ৰ’ আৰু কেন্দ্রীয় চোৰাংচোৱা বিভাগ (আইবি)ৰ প্রধানৰ কার্যকাল বৃদ্ধি কৰিলে কেন্দ্রই। লগতে বৃদ্ধি কৰা হৈছে কেন্দ্রীয় গৃহ সচিব আৰু প্রতিৰক্ষা সচিবৰ কাৰ্যকালো। সোমবাৰে এই সংক্রান্তীয় চৰকাৰী বিজ্ঞপ্তি প্ৰকাশ হৈছে।
নির্দেশনাটোত কোৱা হৈছে, জনস্বার্থ আৰু প্রয়োজনীয়তাৰ কাৰণে উক্ত চাৰি বিষয়াৰ কাৰ্যকাল দুবছৰ বৃদ্ধি কৰা হ’ল। উল্লেখ্য, দেওবাৰে নৰেন্দ্র মোদী চৰকাৰে এনে এক নির্দেশনাযোগে চিবিআই আৰু ইডিৰ সঞ্চালকৰ কাৰ্যকাল পাঁচ বছৰ বৃদ্ধিৰ বিজ্ঞপ্তি জাৰি কৰিছিল।
‘দিল্লী স্পেচিয়েল পুলিচ এষ্টাব্লিছমেন্ট এক্ট (১৯৪৬)’ আৰু ‘চেণ্ট্ৰেল ভিজিলেন্স কমিছন এক্ট (২০০৩)’ অনুযায়ী সংশ্লিষ্ট বিষয়াসকলৰ কার্যকাল আছিল দুই বছৰ। নতুন পদ্ধতিত তিনিটা পৰ্যায়ত আৰু এবছৰকৈ কাৰ্যকাল বৃদ্ধি কৰিব পৰা যাব দেশৰ নিৰাপত্তাৰ দায়িত্বত থকা শীর্ষ বিষয়াসকলৰ। এই সংক্রান্তীয় আইন সংশোধন কৰি দেওবাৰে অধিশোচনা জাৰি কৰিছিল কেন্দ্রই।
উল্লেখ্য, বিগত ২৭ মে’ত কেন্দ্রই ৰ’ প্রধান সামন্ত কুমাৰ গোৱেল আৰু আইবিৰ সঞ্চালক অৰবিন্দ কুমাৰৰ কাৰ্যকাল এক বছৰ বৃদ্ধি কৰিছিল। ১২ আগষ্টত এক বছৰৰ বাবে বৃদ্ধি কৰা হয় গৃহ সচিব অজয়কুমাৰ ভাল্লাৰ কাৰ্যকাল।










