![]()
নিউজ ডেস্কঃ
ভয়ংকৰ পথ দুর্ঘটনাত নিহত হ’ল সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ পাঁচজন সদস্যৰ। সুশান্তৰ দূৰ সম্পৰ্কীয় আত্মীয়সকল পাটনালৈ গৈছিল। প্রয়াত অভিনেতাগৰাকীৰ পৰিয়ালৰ জোঁৱাই অ’পি সিঙৰ ভগ্নী গীতা দেৱীৰ সৎকাৰলৈ গৈছিল তেওঁলোক। তাৰ পৰা ঘৰলৈ উভতাৰ পথতে বিহাৰৰ লক্ষীচৰাই জিলাত ঘটে উক্ত দুৰ্ঘটনাটো। বৃহস্পতিবাৰে পুৱতি নিশা ৩৩৩ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্রাকৰ সৈতে মুখামুখী সংঘর্ষ হয় তেওঁলোকৰ গাড়ীৰ। দুর্ঘটনাটোত প্রাণ হেৰুৱায় গাড়ীখনৰ চালজনেও।
জিলাখনৰ ঈৰক্ষী অধীক্ষক সুশীল কুমাৰে জনোৱা মতে, ‘‘ট্রাকৰ সৈতে ভয়ানক সংঘর্ষ হয় তেওঁলোক যোৱা গাড়ীখনৰ৷ গাড়ীখনত ১০ জন লোক আছিল। গাড়ীৰ চালকসহ পৰিয়ালৰ পাঁচজন সদস্যই ঘটনাস্থলীতেই প্রাণ হেৰুৱায়। বাকী চাৰিজনক গুৰুতৰ আঘাতপ্ৰাপ্ত অৱস্থাত হস্পিটেললৈ লৈ যোৱা হয়।’’










