![]()
নিউজ ডেস্কঃ
এই আৰ্থিক সম্পদৰ হিচাবত বৰ্তমান বিশ্বৰ আটাইতকৈ ধনী দেশ চীন। আমেৰিকা কচেৰ পেলাই চীনৰ উত্থান ঘটিছে সৰ্বাধিক বিত্তশালী দেশ হিচাবে৷
জুৰিখৰ মেককিনছে গ্লোবেল ইনষ্টিটিউটে শেহতীয়াভাৱে প্ৰকাশ কৰা ৰিপোৰ্টত এই তথ্য প্ৰকাশ ৷
ৰিপোৰ্ট অনুযায়ী, ২০০০ চনত সমগ্ৰ বিশ্বৰ মুঠ আর্থিক সম্পদ ১৫৬ ট্রিলিয়ন ডলাৰৰ বিপৰীতে ২০২০ চনত বৃদ্ধি হৈ হৈছে ৫১৪ ট্রিলিয়ন ডলাৰ।
আনহাতে, ২০০০ চনত চীনৰ মুঠ আর্থিক সম্পদৰ পৰিমাণ ৭ লাখ কোটি ডলাৰৰ পৰা বৃদ্ধি হৈ ২০২০ চনত হৈছে ১২০ লাখ কোটি ডলাৰ। এই সময়ছোৱাত আমেৰিকাৰ ধন-সম্পদো প্রায় দুগুণ বৃদ্ধি হৈছে যদিও চীনৰ সমান নহয়। আমেৰিকাৰ বৰ্তমান মুঠ আর্থিক সম্পদৰ পৰিমাণ ৯০ ট্রিলিয়ন ডলাৰ।
আনহাতে, আমেৰিকা আৰু চীনৰ মুঠ সম্পদৰ দুই–তৃতীয়াংশ ১০ শতাংশ পৰিয়ালৰ হাতত আছে।










