![]()
নিউজ ডেস্কঃ
পুনৰ উত্তৰ প্ৰদেশৰ শাসনলৈ আহিব যোগী আদিত্যনাথ চৰকাৰ৷ উল্লেখ্য দেশৰ সৰ্ববৃহৎ ৰাজ্যখনত অহা বছৰ অনুষ্ঠিত হ’ব বিধানসভা নির্বাচন। টাইমছ নাও–প’লষ্ট্ৰেটৰ প্ৰাক-নিৰ্বাচনী সমীক্ষা মতে, বিজেপিয়ে ২৩৯-২৪৫খন আসন লাভ কৰি পুনৰ শাসন ক্ষমতালৈ আহিব। মুঠ ৪০৩খন বিধানসভা আসনৰ ভিতৰত ২০১৭ চনত বিজেপিয়ে লাভ কৰিছিল ৩১২খন আসন।
আনহাতে, অখিলেশ যাদৱৰ সমাজবাদী পার্টিয়ে ১১৯-১২৫খন আসন লাভ ক ৰিদ্বিতীয় স্থানত থাকিব। ২০১৭ চনত সমাজবাদী পার্টিয়ে লাভ কৰিছিল মাত্র ৪৭খন আসন।
আনহাতে, মায়াৱতীৰ দলে ৩০খন আসন লাভ কৰাৰ বিপৰীতে ৫-৮খন আসনত জয়ী হ’ব পাৰে কংগ্রেছ।










