![]()
নিউজ ডেস্কঃ
শিশু পর্নোগ্রাফি তদন্তত ১৪খন ৰাজ্যৰ ৭৭ টা স্থানত তালাচী চলাই মঙ্গলবাৰে ১০ জনক আটক কৰে চিবিআইয়ে। অনলাইন ষ্টোৰত শিশু পর্নোগ্রাফি ৰখা আৰু অনলাইনত সেয়া বিয়পোৱাৰ অভিযোগ আছে ধৃতসকলৰ বিৰুদ্ধে। ইয়াৰ লগতে ভাৰতৰ শিশু পর্নোগ্রাফিৰ ব্যৱসাত ভিন্ন দেশৰ নাগৰিকো জড়িত আছে বুলি সূত্রৰ খবৰ।
চিবিআইয়ে জাৰি কৰা প্রেছ বিবৃতি মতে, অপৰাধীসকলৰ ৫০চাৰো অধিক চক্রই ভাৰতত শিশু পর্নোগ্রাফি বিয়পোৱাৰ কাম কৰিছে। প্ৰায় ৫ হাজাৰ লোক ইয়াৰ লগত জড়িত। এওঁলোকেই ছচিয়েল মিডিয়াত পর্নোগ্রাফি শ্বেয়াৰ বা ফৰৱার্ড কৰি আহিছে। ইয়াৰ সৈতে জড়িত আছে বিদেশী নাগৰিকো। অতিকমেও ১০০খন দেশৰ কিছু লোক এই কামত জড়়িত। কেন্দ্রীয় চোৰাংচোৱা সংস্থাটোৱে লগতে কৈছে, অভিযুক্তসকলে শিশুসকলৰ ওপৰত যৌন আতিশয্যৰ ভিডিও বা ফটো, লেখা বিভিন্ন ছচিয়েল মিডিয়াত বিয়পাই থাকে। দেশ-বিদেশৰ অপৰাধী চক্রবোৰে এটাই আনটোৰ সৈতে যোগাযোগ ৰাখি এই কামবোৰ কৰে।
উল্লেখ্য, মঙ্গলবাৰে দিল্লী, উত্তৰ প্রদেশ, পঞ্জাব, বিহাৰ, ওড়িশা, তামিলনাডু, ৰাজস্থান, মহাৰাষ্ট্র, গুজৰাট, হাৰিয়ানা, ছত্তিশগড়, মধ্যপ্রদেশ আৰু হিমাচল প্রদেশত তালাচী চলাই ১০ জন অভিযুক্তক আটক কৰা হয়। ৮৩ জন অভিযুক্তৰ বিৰুদ্ধে ২৩টা গোচৰো ৰুজু কৰিছে চিবিআইয়ে।










