![]()
নিউজ ডেস্কঃ
জনগণৰ সমস্যা, দুর্দশা সমাধানৰ বাবে নিৰ্বাচিত কৰা প্রতিনিধিৰ নামেই জড়িত হ’ল ধর্ষণত। তাকো এবাৰ নহয়, দুবাৰ৷ সেয়াও মাত্র ১০ মাহৰ ভিতৰত৷ ৰাজস্থানৰ বিজেপি বিধায়কজনে অৱশ্যে এই অভিযোগ নাকচ কৰিছে।
অভিযোগৰ আঙুলি গোগুণ্ডাৰ বিধায়ক প্রতাপ ভিলৰ দিশে। তেওঁৰ বিৰুদ্ধে অভিযোগ, বিয়াৰ প্রতিশ্রুতি দি ধর্ষণ কৰিছে। চাকৰি দিয়াৰো প্ৰলোভন দেখুৱাইছে। আমবামাটা আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ জনায় মহিলাগৰাকীয়ে। কয়, বিয়াৰ প্রতিশ্রুতি দিয়াৰ পিছত তেওঁক একাধিকবাৰ ধর্ষণ কৰে।
১০ মাহ আগতেও একেই গোচৰত এফআইআৰ দাখিল হৈছিল ভিলৰ বিৰুদ্ধে। সেই লৈ তদন্তও কৰে চিআইডিয়ে। অৱশ্যে এইবোৰ অভিযোগ অস্বীকাৰ কৰিছে ভিলে।










