![]()
নিউজ ডেস্কঃ
গুৰুগ্রামত ৩৭টা স্থানত জুম্মাৰ নমাজ পঢ়াৰ অনুমতি আছিল। কিন্তু নাগৰিকসকলৰ তাত আপত্তিৰ বাবে আঠটা স্থানত শুক্রবাৰে জুম্মাৰ নমাজৰ অনুমতি উঠাই লয় প্রশাসনে। তাকে লৈ আৰম্ভ হয় বিবাদ। কিন্তু সম্প্ৰীতিৰ অনন্য নিদৰ্শন দেখুৱাই এইবাৰ মুছলিমসকলৰ কাষত থিয় দিলে শিখ ধৰ্মাৱলম্বীসকল। জনাই দিলে, তেওঁলোকৰ গুৰুদ্বাৰত পঢ়িব পাৰিব শুক্রবাৰৰ নমাজ। দিল্লী সীমান্তৱৰ্তী হাৰিয়ানাত পাঁচটা গুৰুদ্বাৰৰ দায়িত্বত আছে এখন কমিটি। উক্ত কমিটিখনেই এই প্রস্তাৱ দিছে।
গুৰুগ্রামৰ পাচলি মাণ্ডিৰ গুৰুদ্বাৰ শ্রী গুৰু সিং সভাৰ সভাপতি শ্বেৰদিল সিং সিদ্ধুই জনোৱা মতে, ‘গুৰুদ্বাৰ আচলতে গুৰুৰ ঘৰ। সকলো সম্প্রদায়ৰ মানুহকে ইয়ালৈ আহি প্রার্থনা কৰাৰ বাবে স্বাগতম জনাইছো। মুছলিমসকলে নির্দিষ্ট স্থানত প্রার্থনা কৰিবলৈ গৈ সমস্যাত পৰিলে ইয়ালৈ আহিব পাৰে। গুৰুদ্বাৰৰ দুৱাৰ সকলোৰে বাবে খোলা।’
উল্লেখ্য, গুৰুগ্রামৰ সদৰ বজাৰ, ছেক্টৰ ৩৯, ছেক্টৰ ৪৬, মডেল টাউন, জেকব পুৰা— এই পাঁচ স্থানৰ গুৰুদ্বাৰত নমাজ পঢ়িব পাৰিব মুছলিমসকলে।
গুৰুগ্রামৰ জমিয়ত উলেমাৰ সভাপতি মুফতি মহম্মদ চেলিমে এই আহ্বানক স্বাগতম জনাইছে। ইয়াৰ দ্বাৰা সাম্প্রদায়িক সম্প্রীতি বৃদ্ধি পাব বুলিও তেওঁ কয়।










