![]()
নিউজ ডেস্কঃ
মিছৰৰ ইতিহাস মতে, প্ৰায় ছয়টা সূর্য মন্দিৰ আছিল দেশখনত। অৱশ্যে তাৰে চাৰিটাৰ সন্ধান এতিয়াও পোৱা হোৱা নাই। ১২৩ বছৰ আগতে প্রথমটোৰ সন্ধান পোৱা গৈছিল। দ্বিতীয়টোৰ সন্ধান পোৱা গৈছে কেইদিনমান পূৰ্বে।
কাইৰোৰ পৰা ১২ মাইল দক্ষিণে এই আবু গুৰাবৰ সূর্য মন্দিৰ। সদ্য আবিষ্কৃত মন্দিৰটো গুৰাবৰ ন্যুছৰ সূর্য মন্দিৰৰ তলত আছিল।
কিছুদিন পূৰ্বে তাত খননকাৰ্য চলাইছিল পলিছ একাডেমি অব ছায়েন্সেছ ইনষ্টিটিউট ফৰ মেডিটেৰানিয়ান এণ্ড ওৰিয়েণ্টেল কালচাৰে। মিছৰতত্ত্বৰ অধ্যাপক মাছিমিলানো নুজলোৰ নেতৃত্বত চলিছিল অই অভিযান। নুজলোই জনোৱা মতে সম্প্ৰতি পুৰণি সূর্য মন্দিৰটোৰ সামান্য অংশহে প্রকাশ্যে আহিছে। অৱশ্যে যিখিনি পোহৰলৈ আহিছে তাৰ পৰা মিছৰৰ ইতিহাসৰ এক নতুন দিশ উন্মোচিত হ’ব পাৰে।
পুৰণি মন্দিৰটো পৰীক্ষা কৰি প্রত্নতাত্ত্বিকসকলে জনাইছে যে প্ৰায় চাৰে চাৰি হাজাৰ বছৰ আগতে নিৰ্মাণ হৈছিল মন্দিৰটো। সেই সময়ৰ বহু সুৰাৰ পাত্রও পোৱা গৈছে মন্দিৰটোৰ ভিতৰত। পোৰা মাটিৰে তৈয়াৰী উক্ত সুৰাৰ পাত্রবোৰ৷
উল্লেখ্য, মিছৰৰ ৰজা ন্যুছৰৰ দ্বাৰা নিৰ্মিত সূর্যমন্দিৰ ন্যুছৰ সূর্যমন্দিৰ নামেৰে পৰিচিত। ন্যুছৰ আছিল মিছৰৰ পঞ্চম সাম্রাজ্যৰ ষষ্ঠ ফাৰাও।









