![]()
নিউজ ডেস্কঃ
বম্বে হাইকোৰ্টে কৈছিল, ছাল স্পর্শ নকৰিলে সেয়া পক্সো ধাৰাত যৌন নিৰ্যাতন হ’ব নোৱাৰে। উক্ত ৰায় খাৰিজ কৰিলে ছুপ্রিম কোৰ্টে। ছুপ্ৰিম কোৰ্টে কয় যৌন নিৰ্যাতন মানে কেৱল গাৰ ছাল স্পর্শ কৰা নহয়। ছাল স্পর্শ নকৰিলেও যৌন নিৰ্যাতন কৰা হয়। কাপোৰৰ ওপৰতো কোনো শিশুক নিৰ্যাতন কৰিলে পক্সো আইনত (২০১২) সেয়াও অপৰাধ।
আজি ছুপ্রিম কোর্টত ন্যায়াধীশ ইউ ইউ ললিতৰ বিচাৰপীঠে শুনানি দিয়ে। লগত আছিল ন্যায়াধীশ ৰবীন্দ্র ভাট, বেলা এম ত্রিবেদী। ন্যায়াধীশসকলে কয়, পক্সো আইন প্রয়োগৰ ক্ষেত্রত ‘ছাল স্পর্শ কৰা অপৰিহার্য’ এনে ‘সঙ্কীর্ণ পর্যবেক্ষণ’ শিশুসকলৰ যৌন নিৰ্যাতন প্রতিৰোধৰ পৰিপন্থী। পক্সো আইনত কোনটো অপৰাধ, সেয়া বুজিবলৈ হ’লে অভিযুক্তৰ যৌন অভিপ্রায় বুজিব লাগিব।










