![]()
নিউজ ডেস্কঃ
প্রায় বিৰলতম চন্দ্রগ্রহণ আজি পূর্ণিমাৰ দিনা। হ’ব খণ্ডগ্রাস চন্দ্রগ্রহণ। দেখা যাব একেৰাহে তিনি ঘণ্টা ২৮ মিনিট ২৩ চেকেণ্ড।
সম্পূৰ্ণ খণ্ডগ্রাস হ’লে চন্দ্ৰৰ ৰং হ’ব প্রায় ৰক্তৰ দৰে ৰঙা। সেয়ে ইয়াৰ নাম ‘ব্লাড মুন’ বা ‘বিভাৰ মুন’। এই শতিকাত আৰু ইমান সময় ধৰি খণ্ডগ্রাস ব্লাড মুন দেখাটো সম্ভৱ নহ’ব। ইমান সময় ধৰি খণ্ডগ্রাসৰ ব্লাড মুন দেখা যোৱা নাই বিগত ছয় শতাব্দীতো।
আমেৰিকাৰ ইণ্ডিয়ানাৰ বাটলাৰ বিশ্ববিদ্যালয়ৰ হলকোম্ব অবজাৰভেটৰী আৰু নাছাই জনোৱা মতে, ৫৮০ বছৰৰ ভিতৰত দীর্ঘতম খণ্ডগ্রাস চন্দ্রগ্রহণটি শুক্রবাৰে দেখা যাব চীন, জাপান, উত্তৰ আৰু দক্ষিণ কোৰিয়া, টাইৱান, হংকং, মঙ্গোলিয়া, ম্যাকাওসহ সমগ্ৰ পূব এচিয়াত, অষ্ট্ৰেলিয়া, উত্তৰ ইউৰোপ, উত্তৰ আৰু দক্ষিণ আমেৰিকা, প্রশান্ত মহাসাগৰ আৰু নিকটৱৰ্তী দেশবোৰত। খণ্ডগ্রাস চূড়ান্ত মুহূর্তত উপনীত হ’ব ভাৰতীয় সময় শুক্রবাৰে দিনৰ ২.৩২ বজাত। অৱশ্যে ভাৰতৰ পৰা এই গ্রহণ খুব সামান্য সময়ৰ বাবে অসম আৰু অৰুণাচল প্রদেশৰ উত্তৰ-পূবত বিয়লি ৪.১৭ বজাত হৈ গৈছে।










