![]()
নিউজ ডেস্কঃ
মাত্র দুটি শব্দ— ‘মই ক্ষমাপ্রার্থী’। এই লৈ দ্বিতীয়বৰ এই শব্দ দুটি শুনা গ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মুখত। আৰু এই শব্দ দুটাই এতিয়া বিৰোধীৰ প্ৰধান অস্ত্ৰ হৈ পৰিছে। কোনোৱে কৈছে, উদ্ধতালিৰ বিনাশ হ’ল। কোনোৱে আকৌ কৈছে, ইয়াৰ পৰাই বুজা গৈছে বেকফুটলৈ গ’ল প্রধানমন্ত্রী।
দুয়োটাই অৱশ্যে ভিন্ন ঘটনা। এটি কোভিড ১৯, অন্যটো কৃষি আইন। দ্বিতীয় ঘটনাটি শুক্রবাৰেই ঘটিছে। মোদী চৰকাৰৰ কৃষি আইন প্রত্যাহাৰৰ ঘোষণা। আৰু সেই ঘোষণা কৰিছে খোদ প্রধানমন্ত্রীয়ে। যাৰ পৰিপ্রেক্ষিতত তেওঁ ক’বলগা হৈছে, “দেশবাসীৰ ওচৰত স্বচ্ছ হৃদয়েৰে মই ক্ষমা বিচাৰিছোঁ। কৃষকসকলক আমি বুজাব পৰা নাই। আমাৰ চেষ্টাত কিবা ত্রুটি আছিল।” এই ঘোষণাৰ পিছতেই বিৰোধী সৰৱ হৈ কৈছে, এয়া কৃষকসকলৰ জয়, উদ্ধতালিৰ পৰাজয়।
প্রথম ঘটনাটি আছিল ২০২০ৰ মার্চত কোভিড সংক্রমণৰ বাবে লকডাউনৰ ঘোষণা। যাৰ ফলত হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্রমিক, সাধাৰণ মানুহ চৰম সঙ্কটৰ মুখত পৰিবলগা হয়। তেওঁৰ সেই সিদ্ধান্তত দেশজুৰি বিপুল সমালোচনাৰ সন্মুখীন হ’বলগা হৈছিল মোদী। অন্তিম মুহূৰ্তত তেওঁ ক’বলগা হৈছিল, ‘‘এই কঠিন পদক্ষেপে আপোনালোকৰ জীবনলৈ অনেক সমস্যা মাতি আনিছে। বিশেষকৈ দুখীয়া মানুহৰ। তাৰ বাবে মই ক্ষমাপ্রার্থী। জানো আপোনালোকৰ মাজৰ কিছু লোক আমাৰ এই সিদ্ধান্তত অসন্তুষ্ট হৈছিল। কিন্তু এই পৰিস্থিতিৰ সৈতে যুঁজিবলৈ এই সিদ্ধান্ত অনিবাৰ্য আছিল।’










