![]()
নিউজ ডেস্কঃ
ড্ৰাগছৰ পিছত এইবাৰ তেজস্ক্রিয় পদার্থ উদ্ধাৰ হ’ল উদ্যোগপতি গৌতম আদানিৰ মুন্দ্রা বন্দৰত! বৃহস্পতিবাৰে গুজৰাটৰ উক্ত বন্দৰত এখন বিদেশী জাহাজৰ পৰা বাজেয়াপ্ত কৰা হয় উক্ত তেজস্ক্রিয় পদার্থ। জাহাজখন চীনৰ চাংহাইৰ পৰা পাকিস্তানৰ কৰাচী বন্দৰলৈ গৈছিল।
আদানি গ্ৰুপে শুক্রবাৰ এক বিবৃতিত কয়ছ, ‘কেন্দ্রীয় শুল্ক (কাষ্টমছ) আৰু ৰাজহ চোৰাংচোৱা বিভাগ (ডিআৰআই)ৰ যৌথ অভিযানত বিদেশী জাহাজৰ কন্টেইনাৰৰ পৰা অচিনাক্ত বিপজ্জনক পদার্থ বাজেয়াপ্ত কৰা হৈছে।’










