![]()
নিউজ ডেস্কঃ
ঘৰৰ পৰা এক লাখ টকা চুৰি হৈছিল আব্দুল ৰহমানৰ। সেয়াই আছিল তেওঁৰ সমগ্ৰ জীৱনৰ সঞ্চয়। ছোলে, বাদাম বিক্রী কৰি অলপ অলপকৈ সেই টকা আব্দুলে সঞ্চয় কৰি ৰাখিছিল শেষ জীৱনৰ বাবে। সেয়াও চুৰি হোৱাত অতিকৈ হতাশাত ভাগি পৰিছিল নব্বৈ ঊৰ্ধ্বৰ আব্দুল।
শ্ৰীনগৰৰ বোহৰি কাদাল এলেকাৰ বাসিন্দা আব্দুলৰ আত্মীয়-স্বজন বুলিবলৈ কোনা নাই। ঘৰত তেওঁ অকলশৰে থাকে। ছোলে, বাদাম বিক্রী কৰি যিখিনি উপাৰ্জন হয় তাৰেই তেওঁ দিন চলায়। এনেদৰে এক লাখ টকা জমা কৰি ঘৰতেই ৰাখিছিল তেওঁ। কিন্তু যোৱা শনিবাৰে ঘৰত চোৰ প্ৰৱেশ কৰি তেওঁক মাৰধৰ কৰি উক্ত টকা চুৰি কৰি লৈ যায়।

আব্দুলৰ খবৰটো লাভ কৰিছিল শ্রীনগৰ আৰক্ষীৰ এছএছপি সন্দীপ চৌধুৰীয়ে। অলপো পলম নকৰি তেওঁ যায় আব্দুলৰ ঘৰলৈ। বৃদ্ধজনক সাহায্য কৰাৰ বাবে মন স্থিৰ কৰে সন্দীপে। তেওঁ নিজৰ পকেটৰ পৰা এক লাখ টকা উলিয়াই আব্দুলৰ হাতত তুলি দিয়ে। উক্ত টকা লাভ কৰি হতাশাত ভাগি পৰা আব্দুলৰ মুখত পুনৰ হাঁহি বিৰিঙি উঠে।
আৰক্ষী বিষয়াজনৰ এই কাৰ্যত এতিয়া মুগ্ধ সমগ্ৰ শ্রীনগৰবাসী। ছচিয়েল মিডিয়াত তেওঁৰ এই কামৰ বিষয়ে শ্বেয়াৰ কৰে শ্রীনগৰৰ ডেপুটি মেয়ৰ পাৰভেজ আহমেদ কাদৰীয়ে। আৰক্ষী বিষয়াজনৰ প্রশংসাত উপচি পৰিছে এতিয়া ছচিয়েল মিডিয়া।










