![]()
নিউজ ডেস্কঃ
পর্ন ভিডিওত পাকিস্তানৰ বিধায়িকা ছানিয়া আচিক। যাক লৈ ইতিমধ্যেই তোলপাৰ লাগি পৰিছে পাকিস্তানৰ ৰাজনীতিৰ পৰা নেট মাধ্যমলৈ। চাইবাৰ অপৰাধৰ চিকাৰ হয় এইগৰাকী পাকিস্তানী বিধায়িকা। তেওঁৰ অভিযোগ, এটি পর্ন ভিডিওত তেওঁৰ মুখ লগোৱা হৈছে। তাকে লৈ এতিয়া তোলপাৰ লাগি পৰিছে।
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফৰ কন্যাৰ বান্ধৱী ছানিয়া পঞ্জাব প্রদেশৰ তক্ষশীলাৰ বিধায়িকা। জানিব পৰা মতে, যোৱা ২৬ অক্টোবৰত তেওঁ উক্ত ভিডিও সম্পর্কে জানিব পাৰে। ইয়াৰ পিছত তেওঁ অভিযোগ জনায়। অশ্লীল ভিডিওত তেওঁৰ মুখ লগোৱা হৈছে বুলি থানাত অভিযোগ কৰেছে ছানিয়াই।
উক্ত ঘটনাত এই পর্যন্ত এজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে অভিযুক্তৰ পৰিচয় গোপনে ৰখা হৈছে। তদন্তৰ গতি-প্রকৃতি সন্দৰ্ভতো এতো জনোৱা নাই আৰক্ষীয়ে। অৱশ্যে ছচিয়েল মিডিয়াত একাংশৰ দাবী, উক্ত ভিডিওত সঁচাকৈয়ে দেখা গৈছে পাক বিধায়িকাগৰাকীক। কিন্তু এই অভিযোগ খণ্ডন কৰিছে ছানিয়াই। আনহাতে, উক্ত ভিডিওটোৰ সত্যাসত্যৰ ওপৰত আৰক্ষীয়েও এতিয়ালৈকে মুখ খোলা নাই। আনহাতে, বিধায়িকাগৰাকীৰ অভিযোগ, থানাত বিষয়টো জনোৱাৰ পিছৰ পৰাই ভাবুকি পাইছে তেওঁ।










