![]()
নিউজ ডেস্কঃ
টুইটাৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ মুকলি পত্ৰ বিজেপি সাংসদ বৰুণ গান্ধীৰ। কৃষি আইন প্রত্যাহাৰ সন্দৰ্ভত মোদীক উক্ত পত্ৰত একপ্ৰকাৰ কটাক্ষ কৰিলে বৰুণ গান্ধীয়ে। তাত লিখিছে, সঠিক সময়ত যদি পদক্ষেপ গ্ৰহণ কৰা হ’লহেঁতেন তেন্তে দেশৰ ৭০০ কৃষকৰ মৃত্যু নহ’লহেঁতেন।
লগতে যি ৭০০ কৃষকৰ মৃত্যু হৈছে তেওঁলোকৰ প্রত্যেক পৰিয়ালকে ১ কোটি টকাকৈ ক্ষতিপূৰণ দিয়াৰো দাবী জনাইছে বৰুণ গান্ধীয়ে। লগতে তেওঁৰ এয়াও অভিযোগ, কৃষকসকলৰ নামত বিগত এক বছৰত বহু মিছা গোচৰ ৰুজু কৰা হৈছে৷ সেইবোৰ উঠাই ল’ব লাগিব।
বৰুণ গান্ধীৰ এই মুকলি চিঠি অধিক তাৎপর্যপূর্ণ হৈ উঠিছে এই কাৰণেই যে সম্প্রতি তেওঁ বিজেপি এৰাৰ চৰ্চা চলি আছে। তেওঁ তৃণমূলত যোগ দিব বুলিও চৰ্চা চলি আছে। উল্লেখ্য, কঙ্গনা ৰানাৱাটৰ ‘ভিক্ষাৰ স্বাধীনতা’ মন্তব্যকো তীব্র সমালোচনা কৰিছিল বৰুণ গান্ধীয়ে।










