ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত আকৌ সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা। মাৰ্ঘেৰিটাৰ নামদাং বাঁহবাৰী অঞ্চলৰ বিশেষভাৱে সক্ষম এগৰাকী ১১ বছৰীয়া কিশোৰীক ৫০ উৰ্দ্ধৰ দিলীপ দেৱনাথ নাম এক লম্পটে যৌন নিৰ্যাতন চলোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় ৰাইজে ইতিমধ্যে লম্পটটোক আৰক্ষীৰ হাতত গতাইছে।
জানিব পৰা মতে, কালি দিনৰ ভাগত দিলীপ দেৱনাথৰ ঘৰত মাকে কিশোৰীগৰাকীক থৈ গৈছিল আৰু ঘৰত কোনো নথকাৰ সুবিধা লৈ নিৰ্যাতন চলোৱা হৈছিল। ভয় ভাবুকিৰ বাবেই মুখ খোলা নাছিল কিশোৰী গৰাকীয়ে কিন্তু সন্ধিয়া এই বিষয়ে প্ৰকাশ কৰে কিশোৰী গৰাকীয়ে।
ইয়াৰ পাছতে স্থানীয় ৰাইজে নিশা অভিযুক্ত উত্তম মাধম সুধাই মাৰ্ঘেৰিটা আৰক্ষীক গতাই দিয়ে। অভিযুক্তক কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী জনাইছে ৰাইজে। আনহাতে, আৰক্ষীয়ে আজি ৰঙাঘৰলৈ প্ৰেৰণ কৰে লম্পট দিলীপক।