![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ১২৩জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৭২০২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১২৩ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৫৮জন কামৰূপ মেট্ৰ’ৰ, ১২জন বৰপেটাৰ, ৯জন শোণিতপুৰৰ আৰু ৮জন কামৰূপ গ্ৰাম্যৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৪৫ শতাংশ।
এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈআছে ১৩৭৩জন ৰোগী।ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ১৮৯জন লোক।আনহাতে, উক্ত দিনটোত ৰাজ্যত ক’ৰোনাত আক্ৰান্ত ৫জনৰ মৃত্যু হয়।













