নিউজ ডেক্স:
দেশৰ দৰিদ্ৰ ৰাজ্যবোৰৰ ভিতৰত ষষ্ঠ স্থানত অসম। অসমৰ দাৰিদ্র্যৰ হাৰ ৩২.৬৭। নীতি আয়োগৰ শেহতীয়া দাৰিদ্র্য সূচক মতে, দেশৰ প্রথম তিনি দুখীয়া ৰাজ্য হৈছে বিহাৰ, ঝাড়খণ্ড আৰু উত্তৰ প্রদেশ। দাৰিদ্র্য সূচকত চতুর্থ স্থানত মধ্যপ্রদেশ, পঞ্চমত মেঘালয়।
দেশৰ সবাতোকৈ দুখীয়া ৰাজ্য বিহাৰ কেৱল আর্থিক দিশতে পিছপৰি থকা নাই, পিছত আছে পুষ্টিহীনতাৰ কাৰণে শিশু মৃত্যুৰ সূচকতো।
ৰিপোর্ট অনুযায়ী, বিহাৰত ৫১.৯১ শতাংশ দৰিদ্ৰ লোক। ঝাড়খণ্ডত সেয়া ৪২.১৬ শতাংশ। উত্তৰ প্রদেশত ৩৭.৭৯ শতাংশ। ইয়াৰ পিছত থকা মধ্যপ্রদেশৰ দৰিদ্র সংখ্যা ৩৬.৬৫ শতাংশ আৰু মেঘালয়ৰ ৩২.৬৭ শতাংশ।
আনহাতে, কেন্দ্ৰীয়শাসিত অঞ্চলবোৰৰ ভিতৰত দাৰিদ্র্য সূচকত ওপৰৰ ফালে আছে দাদৰ আৰু নগৰ হাভেলি (২৭.৩৬ শতাংশ), জম্মু–কাশ্মীৰ আৰু লাদাখ (১২.৫৮ শতাংশ), দমন আৰু দিউ (৬.৬২ শতাংশ), চণ্ডীগড় (৫.৯৭ শতাংশ)। দেশত দাৰিদ্রতা সকলোতকৈ কম কেৰালাত। কেৰালাত দৰিদ্র লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ ০.৭১ শতাংশ।
ইয়াৰ পিছতেই আছে গোৱা (৩.৭৬ শতাংশ), চিকিম (৩.৮২ শতাংশ), তামিলনাডু (৪.৮৯ শতাংশ) আৰু পঞ্জাব (৫.৫৯ শতাংশ)।
উল্লেখযোগ্য যে দুখীয়া ৰাজ্যৰ স্বীকৃতি পোৱা প্রথম পাঁচখন ৰাজ্যৰ ভিতৰত চাৰিখন ৰাজ্যতে বিজেপি বা তেওঁলোকৰ মিত্ৰজোটৰ চৰকাৰ।