![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ১৪০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৫৫৩৯ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৪০ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৫৪জন কামৰূপ মেট্ৰ’ৰ, ১৬জন যোৰহাটৰ, ৮জন বৰপেটাৰ আৰু ৮জন কামৰূপ গ্ৰাম্যৰ।সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৩৯ শতাংশ।
আনহাতে,সোমবাৰৰ দিনটোত মৃত্যু হৈছে ৬ জন ব্যক্তিৰ৷উল্লেখ্য যে সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৩০জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৫৯ শতাংশ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১২৪৮জন ৰোগী।













