![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ১৮৭জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩২৪৪১ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৮৭ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১০০জন কামৰূপ মেট্ৰ’ৰ, ১২জন তিনিচুকীয়াৰ, ১০ জন নলবাৰীৰ, ৬জন বৰপেটাৰ।বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৫৮ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ৫ জন ব্যক্তিৰ৷উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১৯৫জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৫৯ শতাংশ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১২৬৫জন ৰোগী।













