![]()
নলবাৰীৰ প্ৰতিবেদক:
কৰ্ম কৰা মানুহৰ মনত আসুৰিক শক্তিয়ে বাহ ল’ব নোৱাৰে । কৰ্ম কৰা লোক স্বকীয় সত্ত্বাৰে পৰিচালিত । সেয়ে তেওঁলোকে সদায় কৰ্ম আৰু সৃষ্টিকহে গুৰুত্ব দিয়ে । শ্ৰম তেওঁলোকৰ ফচল আহৰণৰ আধাৰ । সাহিত্য সৃষ্টিৰ ক্ষেত্ৰতো সেই অভিধা প্ৰযোজ্য । সকলো গৌৰৱতকৈ মাতৃ হোৱাৰ গৌৰৱ অনন্য ।
মাতৃয়েহে জানে, কিমান চেতনাৰে সন্তান জন্ম দিয়া হয় । এগৰাকী নাৰীৰ মমতা, চেতনা, চৈতন্য প্ৰতিভাত হয় সন্তানৰ প্ৰতি থকা মমতাত । তেনেদৰে লেখকৰো এইবোৰ ভাস্বত হৈ উঠে লেখকৰ ৰচনাত । এই মন্তব্য নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ । ২ ডিচেম্বৰত নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত টিহু মহকুমাৰ হাৰিভাঙা স্বৰ্ণ শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণ প্ৰসংগত তেওঁ লগতে যে প্ৰতিজন মানুহৰ জীৱন একোখন কিতাপৰদৰে ।
সেয়ে প্ৰতিগৰাকী লেখকে প্ৰথমে নিজক বুজিব লাগিব । হাৰিভাঙা সামূহিক ভৱনত হাৰিভাঙা স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি নলিনীকান্ত শৰ্মাৰ পৈৰোহিত্যত হোৱা এই সভাত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আমন্ত্ৰিত অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণত মৱ প্ৰজন্মক প্ৰযুক্তি মুক্তধাৰাৰ জৰিয়তে অসমীয়া ভাষাক আগুৱাই নিবলৈ আহ্বান জনাই প্ৰাসংগিক ভাষণ প্ৰদান কৰে ।
হাৰিভাঙা স্বৰ্ণ শাখা সাহিত্য সভাৰ সম্পাদক ডঃ অনুপম কলিতাই আঁত ধৰাৰ লগতে সভা আয়োজনৰ উদ্দেশ্য বিৱৰি কোৱা সভাখন চিৰ চেনেহী মোৰ ভাষা জননী বৃন্দগীতেৰে আৰম্ভ হয় । কাৰ্যসূচী অনুসৰি সম্পাদক ডঃ অনুপম কলিতাই বাৰ্ষিক প্ৰতিৱেদন আৰু ৰাজেন্দ্ৰনাথ শৰ্মাই পৰীক্ষিত হিচাপৰ প্ৰতিৱেদন পাঠ কৰে । সভাত বিশিষ্ট শিক্ষাব্ৰতী সুৰেন্দ্ৰনাথ কলিতাৰ ‘স্মৃতিৰ সুৱাস’ উন্মোচন কৰে সাহিত্যিক নৱৰত্ন পাটোৱাৰীয়ে ।
কৃতী শিক্ষাব্ৰতী শৈব্যা কলিতাৰ ‘বিবিধা নামৰ সুৰভি’ গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক দিলীপ বৰ্মনে আকৌ জনপ্ৰিয় নামতী চাৰু ৰাজবংশীৰ ‘নাম প্ৰসংগ’ নামৰ গ্ৰন্থখন উন্মোচন কৰে টিহু মহাবিদ্যালয়ৰ অৱসৰীয়া অধ্যাপক ডঃ জ্যোতিষ চন্দ্ৰ ভাগৱতীয়ে ।
সভাত হাৰিভাঙা স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি সোমনাথ ডেকা আৰু সম্পাদক ৰমেশচন্দ্ৰ বৰ্মন, শিক্ষকতাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক সুৰেন্দ্ৰনাথ কলিতা, শিক্ষকতাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শৈব্যা কলিতা আৰু সাহিত্য সাধনাৰ বাবে বঁটা প্ৰাপক ডঃ মন্জু হালৈক সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
সভাত গায়িকা ভণিতা ভট্টাচাৰ্যই আধুনিক গীত পৰিৱেশনেৰে সকলোকে আপ্লুত কৰে । ইফালে পুৱাৰ ভাগত হোৱা বিষয় বাছনি সভাত পৰেশ চন্দ্ৰ বৰ্মনক সভাপতি, ৰাজেন্দ্ৰনাথ শৰ্মাক উপ সভাপতি, ৰূপজ্যোতি কলিতাক সম্পাদক, দীপ ডেকাক সহকাৰী সম্পাদক, ধীৰাজ গোস্বামীক ধন ভঁৰালী, ডঃ মন্জু হালৈক পত্ৰিকা সম্পাদক হিচাপে লৈ একৈছ জনীয়া কাৰ্যনিৰ্বাহক সমিতি এখন গঠন কৰা হয় । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই বিষয় বাছনি সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে ।
ইয়াৰ পূৰ্বে হাৰিভাঙা স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি নলিনীকান্ত শৰ্মাই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচীৰ পাতনি মেলে । শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে হাৰিভাঙা স্বৰ্ণ শাখা সাহিত্য সভাৰ উপ সভাপতি সভাপতি পৰেশ চন্দ্ৰ বৰ্মনে । আৰু মাল্যাৰ্পণ কৰে হাৰিভাঙা স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰাজেন্দ্ৰ নাথ শৰ্মাই ।













