![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ১২৪জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৮১১২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১২৪ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৬০জন কামৰূপ মেট্ৰ’ৰ, ১৩জন কামৰূপ গ্ৰাম্যৰ, ৯জন নগাঁৱৰ আৰু ৭জন যোৰহাটৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৪৪শতাংশ।
আনহাতে,বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে ৩ জন ব্যক্তিৰ৷উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১৯৮ জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৬০ শতাংশ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১১৮৮ জন ৰোগী।













