![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা।আৰক্ষীৰ এক অভিযানত কালি নিশা দুইকোটি টকা মূল্যৰ ড্ৰাগছৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।এই ড্ৰাগছ লোকজন হৈছে মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ শিলপুখুৰী গাঁৱৰ মহম্মদ খাজালুদ্দিন।
মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভলাল বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আজি প্ৰকাশ কৰা অনুসৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা মৰিগাঁও আৰক্ষীয়ে কালি নিশা মিকিৰভেটা আৰক্ষী সহযোগত উক্ত ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰা লগতে ২০ টা চাবোনৰ বাকচত লুকুৱাই অনা ২৮৯ গ্ৰাম হিৰইন, ৩৫০ টা নিষিদ্ধ নাইট্ৰাজিপাম আৰু নাইট্ৰাকেয়াৰ আৰু ৯২ টা ড্ৰাগছ সৰবৰাহত ব্যৱহৃত কনটেইনাৰ জব্দ কৰে।
উল্লেখ্য যে দূধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী খাজালুদ্দিনক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাটো অন্যতম সফলতা হিচাবে পৰিগণিত হৈছে।













