![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ১৪৬জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩০৩৯৩টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৪৬গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৬৫জন কামৰূপ মেট্ৰ’ৰ, ১৪জন শোণিতপুৰৰ, ১১জন বৰপেটাৰ আৰু ৯জন গোলাঘাটৰ।বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৪৮ শতাংশ।
আনহাতে,বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে ২ জন ব্যক্তিৰ৷ উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১৪২জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৬০ শতাংশ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১১৯৬জন ৰোগী।













