![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি পুৱতি নিশা মৰিয়নিত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত এটা হাতীৰ পোৱালিৰ মৃত্যু হয় । পুৱতি নিশা প্ৰায় ৩.৩০ মান বজাত গিবন অভয়াৰণ্যৰ পৰা ওলাই যোৱা বনৰীয়া হাতীৰ এটা পাল অভয়াৰণ্যখনৰ সমীপৰ ভেলাগুৰি চাহ বাগিচাৰ কাষত ৰে’লপথ পাৰ হোৱাৰ সময়তে ২০৫০৪ নম্বৰৰ উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰে’লখনে পালটোৰ এটা পোৱালি হাতীক খুন্দা মাৰে ।
ৰে’ল বিভাগৰ সূত্ৰই জানিবলৈ দিয়া মতে, ঘটনা সংঘটিত হোৱাৰ পিছত নকছাৰী ৰে’ল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ চালকে মৌখিক ভাৱে ঘটনা সম্পৰ্কে অৱগত কৰে । ৰে’ল বিভাগে ততাতৈয়াকৈ বন বিভাগক অৱগত কৰে । তাৰ পিছতেই ৰে’ল বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়।
মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত আৰু মেলেং খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ এলেকাধীন ভেলাগুৰি চাহ বাগিচাৰ সমীপৰ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয় মৃত হাতীৰ পোৱালিটোক উদ্ধাৰ কৰাৰ অন্তত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পুতি থয় ।
মৃত হাতী পোৱালিটোৰ বয়স আনুমানিক প্ৰায় ৮-১০ মাহ মান হ’ব বুলি বন বিভাগে সন্দেহ কৰিছে । ইফালে, হাতীৰ পোৱালিটোৰ মৃত্যুৰ পিছত অঞ্চলটোৰ ৰাইজ ক্ষোভিত বনৰীয়া হাতীৰ সাম্ভাব্য উপদ্ৰৱৰ আশংকা প্ৰকাশ কৰিছে আৰু বন বিভাগক এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে ।













