![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও: নিশা নগাঁও আৰক্ষীয়ে নগাঁৱৰ মুন্না হোটেলৰ পৰা হে’ৰইন সহ দুগৰাকী মহিলা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।নগাঁৱত ড্ৰাগছ মাফিয়া সকলে ড্ৰাগছ সৰবৰাহৰ কামত জড়িত কৰিছে একাংশ মহিলাক। ইতিমধ্যে নগাঁও আৰক্ষীৰ জালত বহু কেইগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী পৰিছে।
নিশা নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই নগাঁৱৰ মধুপুৰৰ কদমতলত মুন্না হোটেলৰ পৰা হে’ৰইন সহ দুগৰাকী মহিলা সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।লগতে আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী মহিলা দুগৰাকীৰ পৰা জব্দ কৰে নগদ ধন।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী মহিলা দুগৰাকী হ’ল ৰেজমিনা খাতুন (২০) আৰু ৰহিমা খাতুন (২২)।ৰেজমিনাৰ ঘৰ মৰিগাঁও জিলাৰ নেলীত আৰু ৰহিমাৰ ঘৰ নগাঁৱৰ চলচলিত।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,মধুপুৰ কদমতলৰ মুন্না হোটেলত ড্ৰাগছ বিক্ৰীৰ বাবে আহিছিল মহিলা দুগৰাকীয়ে ।













