ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ হাতী-মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙৰ নৱাইবিলত।
৫ নম্বৰ নৱাইবিল গাওঁত বনৰীয়া হাতীৰ গচকত মৃত্যু ৰাজকিশোৰ চৌহান (৩৫) নামৰ লোক এজনৰ।

হাতী খেদিবলৈ ঘৰৰ পৰা ওলাই যোৱা অৱস্থাত অকলশৰীয়াকৈ অহা এটা হাতীয়ে আক্ৰমণ কৰে চৌহানক।
বিগত কিছুদিনৰ পৰা বনৰীয়া হাতীয়ে উপদ্ৰপ চলাই আহিছে বৃহত্তৰ নৱাইবিল অঞ্চলত।
হাতীৰ তাণ্ডৱত উজাগৰে থাকিবলগীয়া হয় গাওঁবাসী।












