ASSAM TIMES POST
গুৱাহাটী: সর্বশিক্ষা অভিযান, মাজুলীৰ উদ্যোগত আজি জিলাখনৰ সকলো নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত এবাৰ ব্যৱহার্য প্লাষ্টিক পৰিহাৰ কৰিবলৈ এক সজাগতা আৰু সংকল্প গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
চিলাকলা-২ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ত আজি প্ৰাত:সভাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত এবাৰ ব্যৱহার্য প্লাষ্টিক পৰিহাৰ শীৰ্ষক সজাগতা আৰু সংকল্প গ্ৰহণ কৰা হয়।

মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পুতুল মহন্ত দেৱে বাৰ্তাবাহক হিচাপে উপস্থিত হৈ শিক্ষাৰ্থী, শিক্ষক-শিক্ষায়িত্ৰী আৰু অভিভাৱক সকলৰ প্ৰতি মাৰাত্মক প্লাষ্টিকজাত সামগ্ৰীয়ে আমাৰ পৰিবেশ-পাৰিপাৰ্শ্বিকতা আৰু জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই অনা ভয়াবহ ভাবুকিৰ কথা বহলভাৱে বাখ্যা আগবঢ়াই ।
তেখেতে ভাষন প্ৰসংগত প্লাষ্টিকজাত সামগ্ৰীয়ে সৃষ্টি কৰা ভয়াবহতাৰ কথা শিক্ষাৰ্থী সকলক বুজাই দিয়াৰ লগতে প্লাষ্টিকজাত দ্ৰব্যৰ বিকল্প উপায় আৰু সম্ভাৱনা সম্পৰ্কেও ব্যাখ্যা কৰে ।
প্ৰাতঃসভাৰ সামৰণিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু উপস্থিত অভিভাৱক সকলে এবাৰ ব্যৱহার্য প্লাষ্টিক পৰিহাৰ কৰিবলৈ সংকল্প গ্ৰহণ কৰে । সমগ্র মাজুলীত হোৱা এই সজাগতা আৰু সংকল্প কাৰ্যসূচী চিলাকলা-২ মণ্ডল সমল কেন্দ্ৰৰ ১৩ খন প্ৰাথমিক বিদ্যালয়ে অংশগ্ৰহণ কৰিছে বুলি মণ্ডল সমল কেন্দ্ৰ সমন্বয় ৰুপজ্যোতি শইকীয়াই জনাইছে।
উল্লেখযোগ্য যে, প্ৰধান শিক্ষক তথা যুৱলেখক জিতুল বৰাৰ বলিষ্ঠ নেতৃত্বত বিদ্যালয় খনে এক নতুন মাত্ৰা লাভৰ দিশে আগবঢ়াত অভিভাৱক তথা স্থানীয় ৰাইজে আদৰনি জনাইছে।













