![]()
নিউজ ডেস্কঃ
কৰোনা পৰিস্থিতিৰ মাজতেই উত্তৰ প্ৰদেশত ৰাজনৈতিক কাৰ্যসূচীত পদপিষ্ট হৈ আহত হোৱাৰ ঘটনা ঘটে। মঙ্গলবাৰে বেৰেলীত কংগ্ৰেছৰ দ্বাৰা আয়োজিত মাৰাথন দৌৰ প্রতিযোগিতাত পদপিষ্ট হৈ কেইবাজনো কিশোৰী আৰু মহিলা আহত হৈছে।
বেৰেলীৰ প্রাক্তন মেয়ৰ আৰু কংগ্রেছ নেত্রী সুপ্রিয়া অৰুণৰ দ্বাৰা আয়োজিত উক্ত মাৰাথনত অংশগ্ৰহণ কৰিছিল হাজাৰমান প্রতিযোগীয়ে। বিধানসভা নিৰ্বাচনত প্রিয়ঙ্কা গান্ধীৰ ‘লড়কি হুঁ, লড় সকতি হুঁ’ শ্লোগানৰ সৈতে তাল মিলাই সমবেত হৈছিল বহু মহিলা আৰু কিশোৰী। অভিযোগ, কৰোনা পৰিস্থিতো কোনো দূৰত্ববিধি পালন কৰা হোৱা নাছিল। এটি ভিডিও ফুটেজত দেখা গৈছে প্রতিযোগীসকলৰ বহুতৰে মুখত মাস্কো নাই। স্থানীয় সূত্র মতে, দৌৰ আৰম্ভ হোৱাৰ পিছতেই ঠেলা-হেঁচাত কেইবাজনো মাটিত পৰি যায়। তেওঁলোকক গচকিয়ে পাৰ হৈ যায় আন বহুতো।
অৱশেষত আয়োজকসকলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত যেনিবা বৃহৎ দুর্ঘটনাৰ পৰা ৰক্ষা পৰে। এই সন্দৰ্ভত অৰুণৰ স্পষ্টীকৰণ, ‘‘ৰাজ্যত ৰাজনৈতিক কাৰ্যসূচীত কোনো নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই। তাৰ উপৰি, কোভিড-১৯ পৰিস্থিতিত বৈষ্ণোদেৱীৰ দৰে তীর্থক্ষেত্রতো পদপিষ্ট হৈ মৃত্যুৰ ঘটনা ঘটিছে।’’ ঘটনাৰ আঁৰত ষড়যন্ত্র থাকিব পাৰে বুলিও তেওঁ আশঙ্কা প্রকাশ কৰে।
উল্লেখ্য, ফেব্রুৱাৰীৰ পৰা উত্তৰ প্রদেশত বিধানসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা। দেশজুৰি কৰোনা পৰিস্থিতি উদ্বেগজনক হ’লেও উত্তৰ প্রদেশসহ পাঁচ ৰাজ্যত বিধানসভা নিৰ্বাচন স্থগিত ৰখাৰ কথা জনোৱা নাই নির্বাচন আয়োগে। এই পৰিস্থিতিত সকলো ৰাজনৈতিক দলেই প্রচাৰ কাৰ্য আৰম্ভ কৰিছে। অভিযোগ, কোনো দলেই কোভিডবিধি মানি চলা নাই।










