![]()
নিউজ ডেস্কঃ
১৫ জানুৱাৰীৰ ভিতৰত দিল্লীত দৈনিক কোভিড আক্রান্ত ২০-২৫ হাজাৰত উপনীত হ’ব পাৰে। হোৰাহোৰে বাঢ়িব পাৰে হস্পিটেলত ভর্তিৰ সংখ্যাও। মঙ্গলবাৰে এই আশঙ্কাই প্রকাশ কৰিছে এক চৰকাৰী সূত্রই। উল্লেখ্য, মঙ্গলবাৰে দেশৰ ৰাজধানীত নতুনকৈ কোভিডত আক্রান্ত হৈছে চাৰে ৫ হাজাৰ। সংক্রমণৰ হাৰ ৮.৫ শতাংশ।
সমগ্ৰ দেশতে কোভিড আক্রান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। ওমিক্রনৰ কাৰণে সেই সংখ্যা একেকোবে বহুখিনি বৃদ্ধি পাইছে। মহাৰাষ্ট্র আৰু দিল্লীৰ পৰিস্থিতি ভয়াৱহ। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ শীর্ষ এক সূত্রই জনোৱা মতে, অহা ৮ জানুৱাৰীৰ ভিতৰত দিল্লীত দৈনিক সংক্রমণ ৮-৯ হাজাৰ হ’ব।










