![]()
নিউজ ডেস্কঃ
সমগ্ৰ বিশ্বজুৰি নতুন ত্রাস সৃষ্টি কৰিছে কৰোনাৰ নতুন প্রজাতি ওমিক্রনে। ইউৰোপ, আমেৰিকাত লেকামহীনভাৱে বাঢ়িছে দৈনিক সংক্রমণ। ফলত দুশ্চিন্তাত পৰিছে বিশেষজ্ঞসকল। তেনে সময়তেই পুনৰ নতুন শঙ্কাৰ খবৰ শুনালে ফ্রান্সে। দেশখনত সন্ধান পোৱা গৈছে কৰোনাৰ নতুন প্রজাতি ‘আইএইচইউ’ তথা B.1.640.2ৰ।
ফ্রান্সৰ স্বাস্থ্য বিশেষজ্ঞসকলে জনোৱা মতে, ১০ ডিচেম্বৰত প্রথম এই প্রজাতিত সংক্রমণৰ সন্ধান লাভ কৰা হৈছে দেশখনত। ইয়াৰ মাজতে মুঠ ১২ জন আক্রান্তৰ সন্ধান পোৱা গৈছে। সূত্রৰ খবৰ মতে, নতুন আক্রান্তসকলৰ ভিতৰত সকলোৱেই আফ্রিকাৰ দেশ কেমেৰুন ৰপৰা উভতি অহা। অৱশ্যে নতুন প্রজাতিৰ উৎস উক্ত দেশখন হয়নে নহয়, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বিশেষজ্ঞসকলৰ মতে, কৰোনাৰ এই নতুন প্রজাতি ৪৬ বাৰ নিষেচন বা মিউটেচনৰ মাজাৰে গৈছে, যিটো ওমিক্রনতকৈও বেছি। ফলত এন্টিবডীৰ প্রাচীৰ ভাঙি সংক্রমণ বিয়পোৱাৰ ক্ষমতা ইয়াৰ বহু বেছি।










