![]()
নিউজ ডেস্কঃ
উত্তৰ প্রদেশৰ নিৰ্বাচনত বিজেপিৰ তাচ পাত অযোধ্যাৰ ৰাম মন্দিৰ। প্রধানমন্ত্রী মোদীৰ পৰা মুখ্যমন্ত্রী যোগী— প্রচাৰলৈ গৈ সেই তাচেই পেলাই গৈছে। ৰাম লালাক তম্বুৰ পৰা পকী মন্দিৰলৈ অনাৰ কৃতিত্ব দাবী কৰিছে তেওঁলোকেই। কিন্তু ৰাম যে অকলে কেৱল বিজেপিয়ে নহয়, সেয়া বুজাই দিলে সমাজবাদী পার্টিয়েও। ‘সপা’ৰ ছুপ্রিমো অখিলেশ যাদৱে প্রকাশ্যে জনসভাত দাবী কৰিলে, ৰাম দৈনিক তেওঁৰ সপোনলৈ আহে আৰু কয় উত্তৰ প্রদেশত তেৱেঁই ৰামৰাজ্য প্রতিষ্ঠা কৰিব।
অখিলেশ যাদৱে এখন সভাত কয়, ‘সমাজবাদৰ পথেৰে ৰামৰাজ্য নামি আহিব। যিদিনা উত্তৰ প্ৰদেশত সমাজবাদ প্রতিষ্ঠিত হ’ব, সেইদিনাই ৰামৰাজ্য প্ৰতিষ্ঠা হ’ব।’
তাৰ পিছতেই অখিলেশে কয়, ‘প্ৰতিনিশা শ্রীকৃষ্ণ মোৰ সপোনলৈ আহি কয়, উত্তৰ প্রদেশত আমাৰেই চৰকাৰ গঠিত হ’ব।’










