![]()
নিউজ ডেস্কঃ
কোভিড বিস্ফোৰণ ঘটিল আমেৰিকাত। ওমিক্রন পৰিবেশৰ মাজতেই এটা দিনত ১০ লক্ষাধিক লোক কোভিডত আক্রান্ত হৈছে দেশখনত। কোভিডৰ দুটি ঢৌৰ তুলনাত তিনিগুণ বেছি সংক্রমণ হৈছে বুলি জনাইছে দেশখনৰ স্বাস্থ্য বিভাগে। জন্স হপকিন্স বিশ্ববিদ্যালয়ৰ তথ্য মতে, সোমবাৰে আমেৰিকাত নতুনকৈ আক্রান্ত হৈছে ১০ লাখ ৪২ হাজাৰ লোক।
উল্লেখ্য, আমেৰিকাত এটা দিনত আক্রান্তৰ সর্বশেষ ৰেকর্ড আছিল প্রায় ছয় লাখ। ইতিমধ্যে আমেৰিকাত চাৰে পাঁচ কোটি লোক কোভিডত আক্রান্ত হৈছে। প্রতি ছয়জনৰ ভিতৰত এজন কোভিডত আক্রান্ত। মৃত্যু হৈছে ৮ লক্ষ ২৬ হাজাৰজনৰ।










