![]()
নিউজ ডেস্কঃ
সাধাৰণ বৰষুণ বা এচিড বৰষুণৰ কথাটো আমি সকলোৱে জানো৷ কিন্তু মাছৰ বৰষুণৰ নাম শুনিছেনে? অর্থাৎ আকাশৰ পৰা বৰষুণৰ আকাৰত মাটিত পৰিছে সৰু সৰু মাছ! কেৱল মাছেই নহয়, লগতে বেং, কেঁকোৰাও আছে। এয়া কোনো সাধুকথা নহয়। এনে এক অস্বাভাৱিক ঘটনাৰ সাক্ষী হৈ ৰ’ল টেক্সাছৰ টেক্সাৰকানা চহৰৰ বাসিন্দাসকল।
ফেচবুকত টেক্সাৰকানা চহৰৰ চৰকাৰী পেজৰ পৰা মৎস্য-বৃষ্টিৰ কথা জনোৱা হৈছে। এনে অদ্ভুত ঘটনাত সাধাৰণ মানুহো হতবাক। ফেচবুকৰ পোষ্টটোত লিখা হৈছে, ‘২০২১ চনত যিবোৰ অদ্ভুত ঘটনা ঘটিছে, তাৰ ভিতৰত মৎস্য-বৃষ্টি অন্যতম। ধুমুহা বতাহৰ সময়ত জলাশয়ৰ পৰা উপৰিভাগৰ সৰু সৰু প্রাণী, মাছ ওপৰলৈ উঠি যায়। পৰৱর্তী সময়ত বৰষুণৰ আকাৰত মাটিলৈ নামি আহে। টেক্সাৰকানা চহৰৰ বহু লোক আজি এই ঘটনাৰ সাক্ষী হৈ ৰ’ল।’
উল্লেখ্য, ৩০ ডিচেম্বৰৰ বিয়লি ৪টা বজাত ধুমুহা বৰষুণ আৰম্ভ হয় টেক্সাৰকানাত। তাৰ পিছতেই অদ্ভুত শব্দত ঘৰৰ বাহিৰলৈ ওলাই আহি বহুতে দেখে যে আকাশৰ পৰা মাটিত পৰিছে মাছ, বেংসহ সৰু সৰু প্রাণী। অৱশ্যে এই ঘটনা এয়াই প্রথম নহয়৷ নর্থ ৱেষ্টার্ন ছাইবেৰিয়া আৰু কেলিফোর্নিয়াতো অতীতত মৎস্য-বৃষ্টি হৈছে।









