![]()
নিউজ ডেস্কঃ
দিল্লীত মঙলবাৰৰ দিনটোত নতুনকৈ কোভিডক আক্রান্ত হৈছে প্রায় ১০ হাজাৰ। এই তথ্য দিলে স্বাস্থ্যমন্ত্রী সত্যেন্দ্র জৈনে। তেওঁ লগতে কয় যে দিল্লীত সংক্রমণৰ হাৰে ১০ৰ সীমা পাৰ কৰিব। অর্থাৎ প্রতি ১০০ জনৰ ভিতৰত ১০ জনৰো বেছি কোভিডত আক্রান্ত হ’ব। লগতে জৈনৰ সাবধানবাণী, সমগ্ৰ দেশত তৃতীয় ঢৌ আহি গৈছে। আৰু দিল্লীত এইটো পঞ্চম ঢৌ।
সোমবাৰে দিল্লীত সংক্রমণৰ হাৰ আছিল ৬.৪৬ শতাংশ। মঙ্গলবাৰে সংক্রমণৰ হাৰ বৃদ্ধি হৈ হয় ৮.৩ শতাংশ। আজি সেয়া ১০ পাৰ কৰিছে।

উল্লেখ্য, দিল্লীত নতুন আক্রান্তসকলৰ ৮০ শতাংশই ওমিক্রনৰ পৰা। স্বাস্থ্যমন্ত্রী সত্যেন্দ্র জৈনে জনোৱা মতে, ৩০০-৪০০ নমুনা জিনোম পৰীক্ষাৰ বাবে পঠোৱা হৈছে। ইফালে সংক্রমণ ৰুধিবলৈ দিল্লীত সপ্তাহান্তিক লকডাউন আৰু নৈশ কাৰ্ফিউ জাৰি কৰা হৈছে।










