![]()
নিউজ ডেস্কঃ
জীয়ৰীয়ে হোমৱর্ক কৰা নাছিল। সেয়ে চৰিয়ালে স্কুলৰ শিক্ষকে। পিছত স্কুলৰ পৰা ঘৰলৈ আহি পিতৃৰ আগত কান্দি কান্দি অভিযোগ দিলে। পিতৃ আকৌ সেনাবাহিনীৰ জোৱান। লগে লগে হাতত বন্দুক লৈ পিতৃ উপস্থিত হ’লগৈ স্কুলত৷ শিক্ষকক লক্ষ্য কৰি এৰিলে গুলী। পিছে দুৰ্ভাগ্যবশত গুলী লাগে তেওঁৰে পত্নীৰ গাত। ফলত গুৰুতৰভাৱে আহত হৈ হস্পিটেলত ভৰ্তি হ’বলগা হয়। ইফালে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে অভিযুক্ত৷ তেওঁৰ সন্ধান এতিয়াও লাভ কৰা হোৱা নাই। ঘটনাটি ৰাজস্থানৰ ভৰতপুৰ জিলাৰ।
সোমবাৰে জিলাখনৰ কানৱাৰা গাঁৱত এই ঘটনাটো ঘটে। আৰক্ষী বিষয়া দৌলত চাহুই জনোৱা মতে, কিশোৰীগৰাকীৰ নাম গঙ্গা গুর্জৰ। পিতৃৰ নাম ৰামনিবাস গুর্জৰ। গাঁৱৰ বজৰঙ্গ পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পঢ়ে গঙ্গাই। ১০–১২ দিন পূৰ্বে দিয়া হোমৱর্ক নকৰা বাবে শিক্ষক সুৰেন্দ্র সিঙে এক চৰ মাৰে তেওঁক। সুৰেন্দ্র স্কুলখনৰ পৰিচালনা সমিতিৰ সদস্যৰ লগতে শিক্ষকো।
দেওবাৰে ছুটিত ঘৰলৈ আহিছিল গঙ্গাৰ পিতৃ ৰামনিবাস। সিদিনাই তেওঁ জানিব পাৰে জীয়ৰীক চৰিওৱাৰ কথা। তাৰ পিছত সোমবাৰে জীয়ৰীৰ স্কুললৈ যায় ৰামনিবাস। লগত আছিল পত্নীও৷ সুৰেন্দ্রৰ পৰা এই বিষয়ত জানিব বিচাৰে তেওঁ। পত্নীয়ে মধ্যস্থতাৰ চেষ্টা কৰে যদিও ৰামনিবাসে হঠাৎ গুলী চলায়। সেই গুলী লাগে পত্নী ৰাজবালাৰ গাত। ৰামনিবাসৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই আছে।










