![]()
নিউজ ডেস্কঃ
কোভিডৰ দ্বিতীয় ঢৌত ডেল্টাৰ প্রভাৱত যেনেদৰে সমগ্ৰ ভাৰতজুৰি সংক্রমণ চৰম পর্যায়লৈ গৈছিল, এইবাৰো ঠিক একেই ধৰণৰ ছবি দেখা যাব পাৰে ওমিক্রনৰ কাৰণে। এই সতর্কবাণী ইনষ্টিটিউট ফৰ হেল্থ মেট্রিক্স এণ্ড ইভ্যালুৱেচনৰ বিষয়া চিকিৎসক ক্রিষ্ট’ফাৰ মাৰেৰ।
সর্বভাৰতীয় এক সাংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত মাৰেই কয়, “দুমাহৰ ভিতৰতেই বিশ্বজুৰি ৩০০ কোটি মানুহ ওমিক্রনত আক্রান্ত হ’ব। আৰু ওমিক্রনৰ এই ঢৌত ভাৰততো বিপুল সংখ্যক লোক সংক্রমিত হ’ব। ঠিক যেনেদৰে হৈছিল ডেল্টাৰ প্রভাৱত।”
মাৰেই লগতে জনাইছে যে ওমিক্রনৰ প্রভাৱ চৰম অৱস্থাত উপনীত হ’ব জানুৱাৰীৰী মাজমানৰ পৰাই। তেতিয়া সমগ্ৰ বিশ্বত দৈনিক চাৰে তিনি কোটি লোক কোভিডত আক্রান্ত হ’ব। যোৱা বছৰৰ এপ্রিলত ডেল্টাৰ প্রভাৱত যি সংক্রমণ হৈছিল, তাৰ তুলনাত এইবাৰ তিনি গুণ বেছি লোক সংক্রমিত হ’ব। তেওঁৰ মতে, ভাৰতত ওমিক্রন সংক্রমণ শীৰ্ষত উপনীত হ’ব জানুৱাৰীৰ শেষৰ ফালৰ পৰা ফেব্রুৱাৰীৰ আৰম্ভণিলৈ।










