ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলাৰ জুৰীয়াৰ ধিং গাঁৱত এগৰাকী বোৱাৰীক স্বামীয়ে জ্বলাই হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ জুৰীয়াৰ পৰমাইভেটিত সংঘটিত হয় আন এক অনুৰূপ ঘটনা। জোনমনি বেগম নামৰ এগৰাকী বিবাহিতা মহিলাক তেওঁৰ স্বামী আৰু শাহুৱেকে মিলি জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে। শৰীৰৰ প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ হোৱা মহিলাগৰাকীয়ে নিজ স্বামী আৰু শাহুৱেকৰ বিৰুদ্ধে তেওঁক জ্বলাই মাৰাৰ অভিযোগ আনিছে।
জানিব পৰা মতে, মাত্র ডেৰ বছৰ পূৰ্বে জোনমনি বেগম পৰমাইভেটি গাঁৱৰ ইমজামুল হকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। অভিযোগ মতে, বিয়াৰ পিছৰে পৰাই স্বামী পৰিয়ালে জোনমনিৰ ওপৰত অকথ্য নিৰ্যাতন চলাই আহিছিল। আনহাতে জোনমনিৰ ওপৰত স্বামী পৰিয়ালে চলাই অহা নিৰ্যাতনে চৰম সীমা অতিক্রম কৰি শুক্ৰবাৰে পুৱাই জোনমনিক জ্বলাই দিয়ে স্বামীৰ পৰিয়ালে।
শৰীৰৰ অধিকাংশই অগ্নিদগ্ধ হোৱা মহিলাগৰাকীয়ে চিকিৎসাধীন আৱস্থাত দিলে এই চাঞ্চল্যকৰ স্বীকাৰোক্তি। বোৱাৰী হিচাপে পছন্দ নোহোৱাৰ বাবেই নিৰ্যাতন কৰি অহা স্বামী আৰু শাহুৱে জ্বলাই দিয়াৰ অভিযোগ কৰিছে মহিলাগৰাকীয়ে। নগাঁও অসামৰিক চিকিৎসালয়ত এতিয়া মৃত্যুৰে যুঁজিছে অগ্নিদগ্ধ মহিলাগৰাকীয়ে।












