ASSAM TIMES POST
ছাইদুল ইছলাম, ডিফুঃ “চূড়ান্ত এনআৰচিত অন্তৰ্ভূক্ত নোহোৱা গোৰ্খা সকল নাযায় বিদেশী ন্যায়াধীকৰণলৈ, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত গোৰ্খা সকলক বিনাচৰ্তে অন্তৰ্ভূক্ত কৰক ” এই তাৎপৰ্যপূৰ্ণ দাবী জনাইছে গোৰ্খা জাতীয় সংগঠন নেতাসকলে ৷ আজি ডিফুৰ ছেমছনছিং মেম’ৰিয়েল পাৰ্কৰ সন্মূখত ১২ বজাৰ পৰা ২ বজালৈ দুইঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি এই মন্তব্য কৰে গোৰ্খা নেতৃবৰ্গই ৷
সদৌ অসম গোৰ্থা ছাত্ৰ সন্থা চমুকৈ আগছুৰ উদ্যোগত ৰূপায়িত প্ৰতিবাদী কাৰ্যসুচীত প্ৰতিবাদী সকলে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা মুৰ্দাবাদ, গোৰ্খা সকলক বিনাচৰ্তে এনআৰচিত অন্তৰ্ভূক্ত কৰক, গোৰ্খাসকলক নামৰ আগৰ ‘ডি’ মুক্ত কৰক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা গোৰ্খা সংগঠন সমূহৰ নেতৃবৰ্গই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়যে, এনআৰচিৰ চুড়ান্ত তালিকাৰ পৰা একাংশ গোৰ্খাক নাম কৰ্তন ইচ্ছাকৃতভাবে কৰা হৈছে ৷ সেয়ে নি:চৰ্তভাবে গোৰ্খা সকলৰ এনআৰচিত অন্তৰ্ভূক্ত কৰিব লাগে ৷

গোৰ্খাসকল নাম অন্তৰ্ভূক্তিৰ ভাবে বিদেশী ন্যায়াধিকৰণলৈ নাযায় ৷ গোৰ্খা সকল দেশৰ সাৰ্বভৌমত্ত আৰু সুৰক্ষামূলক সেৱাৰ বাবে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি সন্মূখৰ পৰা যুঁজ দি আহিছে ইয়াৰ পিছতো বিদেশীৰ অপবাদেৰে গোৰ্খা সকলক চৰম অপমান কৰা হৈছে বুলি ক্ষোভ উজাৰে ৷ আনহাতে কাৰবি আংলঙত দীৰ্ঘদিনৰ পৰা বসতি কৰি অহা গোৰ্খা সকলে এনআৰচিৰ আবেদন প্ৰক্ৰিয়াত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদ অথবা চৰকৰী গাওঁবুঢ়াই প্ৰদান কৰা লিংকেজ ডকুমেণ্ট এনআৰচি কৰ্তৃপক্ষই গ্ৰহণ নকৰাৰ বাবেও এইসকল লোক ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে ৷
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত গোৰ্খা সকলৰ সপোন মোৰ সপোন কৰা ঘোষণা এতিয়া কলৈ গ’ল বুলি প্ৰশ্ন কৰে ৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত গোৰ্খা সন্মিলন কাৰবি আংলং জিলা সমিতি, ভাৰতীয় গোৰ্খা পৰিষদ, নেপালী সাহিত্য সভা অংশ গ্ৰহণ কৰি জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়ৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ, আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷












