ASSAM TIMES POST
গুৱাহাটীঃ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন অহা ১ অক্টোবৰত অনুষ্ঠিত হ’ব।
ইয়াকে লৈ সম্প্ৰতি বিশ্ববিদ্যালয়খনৰ চৌহদ আৰু হোষ্টেলসমূহত প্ৰচাৰ তুংগত উঠিছে।
জানিবপৰা মতে, ছাত্ৰ একতা সভাখনৰ ১৬ টা পদৰ বাবে ৩৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।
৩০ ছেপ্টেম্বৰত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব। ইফালে ২ অক্টোবৰত ভোটগণনা সম্পন্ন হোৱাৰ সমান্তৰালভাৱে শপত-গ্ৰহণ হ’ব ৩ অক্টোবৰত।













