ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ইউৰোপীয়ান মাষ্টাৰ গেমছত অৱতীৰ্ণ খেলুৱৈসকলক দেওবাৰে সম্বৰ্ধনা জনায় ৷

অলপতে ইটালীৰ টৰিন্টোত অনুষ্ঠিত হৈ যোৱা ইউৰোপীয়ান মাষ্টাৰচ গেম ২০১৯ ত পাৰ্বত্য জিলা দুখনৰ পৰা বিভিন্ন শিতানত অৱতীৰ্ণ হৈ সুন্দৰ প্ৰদৰ্শনেৰে মেদেল বুটলিবলৈ সক্ষম হোৱা খেলুৱৈসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্য এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে ৷
অসম মাষ্টাৰ গেমছৰ সভাপতি তথা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আগন্তুক সময়ত অনুষ্ঠিত হ’বলগীয়া মাষ্টাৰ গেমছৰ প্ৰতিযোগিতাত খেলুৱৈসকলক উৎসাহ আৰু সঁহাৰি জনোৱাৰ উদ্দেশ্য বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি বুলি জানিবলৈ দিয়ে ৷
লগতে ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া অসম মাষ্টাৰচ গেমছটি পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামৰ ৱাইছং ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ’ব বুলিও উল্লেখ কৰে ৷












