![]()
কেউফালে জুইত জ্বলিছে ঘৰ-দুৱাৰ। মাজৰ ৰাস্তাৰে এটি শিশুক বুকুত সাৱটি লৈ দৌৰিছে এগৰাকী আৰক্ষী। ছচিয়েল মিডিয়াত তুমুল ভাইৰেল এই দৃশ্য। মমতা আৰু সাহসৰ বাবে চাৰিওফালৰ পৰা ধন্য ধন্য পাইছে আৰক্ষীজনে।
দৃশ্যটি ৰাজস্থানৰ কাৰাউলি চহৰৰ৷ য’ত পৰহিৰ পৰা কাৰ্ফিউ জাৰি আছে। ভাইৰেল হোৱা ছবিখন শ্বেয়াৰ কৰিছে শামলিৰ এছএছপি সুকৃতি মাধৱ মিশ্রই৷ তেওঁ জনোৱা মতে, উক্ত সাহসী কনিষ্টবলজনৰ নাম নেত্রেশ শর্মা।
এছএছপিয়ে ছবিখন ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি লিখিছে, ‘এক মূল্যৱান জীৱন বচোৱাৰ বাবে ৰাজস্থান আৰক্ষীৰ কনিষ্টবল নেত্রেশ শর্মাৰ ওপৰত অতি গর্বিত। অৱশ্যেই এই এখন ছবি হাজাৰ শব্দৰ সমান।’ জানিব পৰা মতে, শনিবাৰে কাৰাউলি এলেকাত সাম্প্রদায়িক অশান্তিৰ সময়ত তোলা হৈছিল ছবিখন। উক্ত সংঘৰ্ষত চাৰি আৰক্ষীসহ ৪২ জনে আঘাত পাইছে।
উল্লেখ্য, নৱ সম্বৎসৰ উদযাপনত বাইক ৰেলীৰ আয়োজন কৰিছিল কিছু হিন্দুত্ববাদী সংগঠনে। কাৰাউলিৰ মুছলিম অধ্যুষিত এলেকাৰে গৈছিল উক্ত সমদলটো। এটা মছজিদৰ ওচৰেৰে যোৱাৰ সময়তে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰণক্ষেত্রৰ আকাৰ লয় কাৰাউলিয়ে। ঘৰ-দুৱাৰ, দোকান-বজাৰ, বাইকত অগ্নিসংযোগ কৰা হয়। তাৰ মাজতেই কেনেবাকৈ আবদ্ধ হৈ পৰিছিল শিশুটি। অসীম সাহসেৰে তাক ৰক্ষা কৰে আৰক্ষীজনে।












