ASSAM TIMES POST
গুৱাহাটীঃ অহা ২১ অক্টোবৰত কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী, বৰপেটাৰ জনিয়া, শোণিতপুৰৰ ৰঙাপৰা আৰু চৰাইদেউৰ সোণাৰি বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচন উপলক্ষে সমষ্টিকেইটাত সেইদিনা ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছে অসম চৰকাৰে। নেগ’টিয়েবল ইনছট্ৰুমেন্টচ এক্ট, ১৮৮১ ৰ ২৫ নং দফাৰ অধীনত চৰকাৰে এই বন্ধ ঘোষণা কৰিছে।