![]()
সোণাৰী নগৰৰ টিয়ক বঙালী গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। নিজ জীয়েক-জোঁৱায়েকে অতি নিৰ্মমভাৱে হত্যা কৰিলে নিজ বৃদ্ধ পিতৃক। জানিব পৰা মতে, নুৰ আলি নামে বৃদ্ধ পিতৃক বিগত বহু দিনৰ পৰা তেওঁৰ কন্যা লেকমিন বেগম আৰু স্বামী আলতাফ আলিয়ে মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰি আহিছিল।
এই সন্দৰ্ভত ৫ মে’ ত বৃদ্ধ গৰাকীয়ে সোণাৰি আৰক্ষী থানাত এজেদাৰ দাখিল কৰে, কিন্তু এই কথা জানিব পাৰি তেওঁক গোচৰ উঠাই নল’লে হত্যাৰ ভাবুকি দিয়ে।
ইফালে আজি পুৱা বৃদ্ধ গৰাকী বহু দেৰিলৈকে টোপনিৰ পৰা সাৰ নোপোৱাত চুবুৰীয়া কেইজনমানে সন্দেহ কৰি তেওঁৰ ঘৰত প্ৰৱেশ কৰোঁতেই বৃদ্ধ গৰাকীৰ মৃতদেহ প্রত্যক্ষ কৰে ।
ততাতৈয়াকৈ এই বিষয়ত সোণাৰি আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ বৃদ্ধ গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
উল্লেখ্য যে, আজি পুৱাৰে পৰা বৃদ্ধ গৰাকীৰ কন্যা আৰু জোঁৱাই ৰহস্যজনক ভাৱে অন্তৰ্ধান হৈ থকাৰ ফলত নিশাই বৃদ্ধা গৰাকীক হত্যা কৰি জীয়েক-জোঁৱাই পলাই যোৱা বুলি আৰক্ষী নিশ্চিত হৈছে । আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।













