ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বেলজিয়ামৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবি হিচাপে পুৰষ্কৃত হৈছে ধৃতিমান কাকতি আৰু ৰক্তিম হাজৰিকাৰ ‘দ্য মেন হু স্পিকছ নেচাৰ’

ASSAM TIMES POST by ASSAM TIMES POST
October 21, 2019
Reading Time: 1 min read
A A
0
বেলজিয়ামৰ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবি হিচাপে পুৰষ্কৃত হৈছে ধৃতিমান কাকতি আৰু ৰক্তিম হাজৰিকাৰ ‘দ্য মেন হু স্পিকছ নেচাৰ’

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

অজন্তা তালুকদাৰ, বোকাখাতঃ ইউৰোপ মহাদেশৰ বেলজিয়ামৰ নামূৰ চহৰত ১১ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত (Festival International Nature Namur, 2019)ত অসমৰ “এম্পটিকাপ ফিল্মছ”ৰ বেনাৰত নিৰ্মিত প্ৰথম চুটি ছবি The Man Who ‘Speaks’ Nature, Professional Films Competition Categoryত শ্ৰেষ্ঠ চুটি ছবি হিচাপে নিৰ্বাচিত হৈছে৷

IMG 20191021 WA0024 | ASSAM TIMES POST

১৯৯৫ চনৰ পৰা ইউৰোপ মহাদেশৰ বেলজিয়ামৰ নামূৰত অনুষ্ঠিত এই প্ৰকৃতি বিষয়ক মহোৎসৱৰ লগত সংগতি ৰাখি তিনিটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাত ৮২ দেশৰ ৭৭৪ খন ছবিয়ে Professional Fims Competition Categoryত অংশগ্ৰহণ কৰিছিল ৷ “Professional Films Competition Category” ত অসমৰ ধৃতিমান কাকতি আৰু ৰক্তিম হাজৰিকাৰ কাজিৰঙা বচা গাওঁ নিবাসী, পৰিবেশ কৰ্মী মনোজ গগৈৰ প্ৰকৃতি সংৰক্ষণ বিষয়ক কৰ্মৰাজিৰ ওপৰত আধাৰিত ইতিমধ্যে বহূলভাবে সমাদৃত আৰু পুৰষ্কৃত চুটি ছবি “ডি মেন হো স্পীকছ নেচাৰ”ক বিশ্বৰ ৪২ ছবিৰ ভিতৰত শ্ৰেষ্ঠ চুটি ছবি হিচাপে নিৰ্বাচিত কৰে৷

নামূৰৰ এচিনাপ’লিচ ম’ভি থিয়েটাৰত ১৮ অক্টোবৰত অসমৰ পৰা অংশগ্ৰহণ কৰা ছবিখন প্ৰদৰ্শন কৰা হয় আৰু ১৯ অক্টোবৰৰ নিশা নামূৰত অনুষ্ঠিত জাকজমকীয়া বঁটা বিতৰণি অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়৷ উল্লেখ্য যে বেলজিয়ামত অনুষ্ঠিত এই মহোৎসৱ ১৯৯৫ চনৰ পৰা একেৰাহে অনুষ্ঠিত হৈ আহিছে আৰু পৃথিৱীখনৰ পৰিবেশ সচেতনতা তথা সজাগতাৰ বাবে পালিত হৈছে৷ বেলজিয়ামৰ এই মহোৎসৱখন ইউৰোপত অনুষ্ঠিত এনেধৰণৰ মহোৎসৱ সমূহৰ শীৰ্ষ পাচখন মহোৎসৱৰ অন্যতম বুলি গণ্য হৈছে৷

আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী উক্ত সংক্ষিপ্ত তথ্যচিত্ৰখনে অসমস্থিত কাজিৰঙাৰ এজন স্ব-নিৰ্ভৰ সংৰক্ষণবাদী মনোজ গগৈৰ জীৱন বৃত্তান্ত দাঙি ধৰিছে, যিয়ে নিজৰ সমগ্ৰ জীৱন বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ উদ্ধাৰ তথা পুনৰ্বাসত উচৰ্গা কৰিছে।

এই ছবিখনে ইতিমধ্যেই সমগ্ৰ দেশৰে প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সজাগ ব্যক্তি তথা অনুষ্ঠানৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে আৰু দেশ বিদেশৰ কেইবাটাও ছবি মহোৎসৱত প্ৰদৰ্শণৰ বাবে মনোনীত হৈছে ৷ অলপতে ইউৰোপৰ হাংগেৰীৰ গডল’ চহৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক চুটি ছবি প্ৰতিযোগিতাত “International Film Review Documentaries – short films, videos, independent short films” বিভাগত শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হৈছিল৷

IMG 20191021 WA0021 | ASSAM TIMES POST

অসমৰ এই চুটি ছবিখনে সৰ্বভাৰতীয় স্বীকৃতি হিচাপে ষষ্ঠ ব্ৰহ্মপুত্ৰভেলী ফিল্ম ফেষ্টিভেল, ২০১৮ ত দ্বিতীয় শ্ৰেষ্ঠ বঁটা লাভ কৰে৷ তদুপৰি, সৰ্বভাৰতীয় ফিল্ম ক্ৰিটিক গিল্ডে। (Film Critic Guild of India) প্ৰথমবাৰৰ বাবে আয়োজন কৰা সৰ্বভাৰতীয় চুটি ছবি প্ৰতিযোগিতা “Critic Choice Short Film Awards” ( CCSFA) ৰ বাবে তিনিটা শাখাত মনোনয়ন (নমিনেচন) লাভ কৰিছিল৷ তথ্যচিত্ৰখনে ইয়াৰ লগতে বিশ্বব্যাপী বিভিন্ন চলচ্চিত্ৰ সমাৰোহৰ চৰকাৰী বাছনিত অন্তৰ্ভুক্ত হোৱাৰ সুবিধা লাভ কৰে।

সৰ্বসাধাৰণ সংৰক্ষণবাদী মনোজ গগৈৰ ওপৰত আধাৰিত ছবিখনৰ নিৰ্দেশক ২০ বছৰীয়া ধৃতিমান কাকতি হিমাছল প্ৰদেশৰ চিমলাত গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্ৰমত চূড়ান্ত বৰ্ষৰ ছাত্ৰ আৰু ক্ৰমে পৰিকল্পনা, চিনেমাট’গ্ৰাফী আৰু সম্পাদনাৰ দায়িত্বত থকা ২১ বছৰীয়া ৰক্তিম হাজৰিকা কটন বিশ্ববিদ্যালয়ৰ পৰা বিচিএ (BCA)ৰ স্নাতক৷ উভয়ে বোকাখাতৰ অধিবাসী। ছবিখনৰ বিতৰণ, লিখিত সংলাপ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ আৰু ছাবটাইটলৰ দায়িত্বত থকা যোৰহাটৰ ২২ বছৰীয়া প্ৰৱাল বৰা এজন শ্ৰেষ্ঠ শব্যযন্ত্ৰী৷

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
ADVERTISEMENT
Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি
National-International

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
50
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ
National-International

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
50
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ
National-International

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026
50
Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু
National-International

Maharashtra Temple collapsed : মন্দিৰৰ নিৰ্মীয়মাণ অংশ ভাঙি কমেও চাৰিজনৰ মৃত্যু

June 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

Prevent Rail ticket fraud : টিকট জালিয়াতি ৰোধ কৰিবলৈ ৰে’লৱেৰ ডাঙৰ পদক্ষেপ : টিকট অবিহনে যাত্ৰাত বাধা, জৰিমনা দুগুণ বৃদ্ধি

June 20, 2026
Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

Iranian singer Parstu Ahmedi : ইৰানী গায়িকাক ৭৪বাৰ চাবুকেৰে কোবোৱাৰ নিৰ্দেশ

June 20, 2026
Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

Trinmool crisis : ৪ বছৰত বিমান ভাড়া ১৫০ কোটি টকা, তৃণমূলৰ আকাশলংঘী বিলাসিতাৰ আচৰিত তথ্য প্ৰকাশ

June 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx