ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

এপিএইচএলচিৰ মুখপাত্ৰ আংতং ইংতি কাথাৰক গ্ৰেপ্তাৰ, জন ইংতি কাথাৰৰ সংবাদমেল

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
July 1, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal 1 | ASSAM TIMES POST
অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ এ পি এইচ এল চিৰ মুখপাত্ৰ, সদ্যসমাপ্ত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত দলটোৰ হামৰেণ সমষ্টিৰ প্ৰাৰ্থী তথা আঞ্চলিকতাবাদৰ এক বলিষ্ঠ কণ্ঠ হিচাপে পাহাৰৰ ৰাজনীতিত এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হোৱা যুৱনেতা আংতং ইংতি কাথাৰক আজি অকস্মাতে ডিফুত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি পাহাৰীয়া জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

RELATED POSTS

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

জানিব পৰা মতে, ডিফু আদালতৰ কোনো গোচৰৰ শুনানিত হাজিৰ হোৱাৰ বাবে যুৱ নেতাগৰাকী আজি আদালতত উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

ইফালে, আংতং ইংতিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাতৰি লাভ কৰাৰ লগে লগে দলটোৰ কৰ্মকৰ্তাসকলে আৰক্ষীৰ সৈতে যোগাযোগ কৰিও কোনো সদুত্তৰ লাভ নকৰা বুলি অভিযোগ কৰে। পৰৱৰ্তী সময়ত কাথাৰক মাঞ্জাৰ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত পুনৰ আদালতত হাজিৰ কৰোৱাই কাৰাগাৰলৈ প্ৰেৰণ কৰে।

ইফালে, আংতং ইংতি কাথাৰৰ গ্ৰেপ্তাৰৰ প্ৰসংগক লৈ আদালত চৌহদৰ বাহিৰত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। আংতং ইংতি কাথাৰৰ গ্ৰেপ্তাৰৰ পিছতে দলটোৰ সভাপতি জন ইংতি কাথাৰে ডিফুস্থিত নিজা বাসভৱনত এক সংবাদমেলৰ আয়োজন কৰি যুৱ নেতাগৰাকীৰ গ্ৰেপ্তাৰক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।

2021 আৰু 2015 চনৰ দুটা গোচৰত ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা আৰোপ কৰি আংতং ইংতি কাথাৰক গ্ৰেপ্তাৰ কৰা বুলি মন্তব্য কৰি দলটোৰ সভাপতিগৰাকীয়ে কাৰ্বি আংলঙক বংগভূমিলৈ পৰিণত কৰাৰ স্বাৰ্থত বংগসেনা আৰু আৰ এছ এছৰ ষড়যন্ত্ৰৰ পৰিণতিত আংতং ইংতি কাথাৰক গ্ৰেপ্তাৰ কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। দলটোৰ সভাপতিকে ধৰি আংতং ইংতি কাথাৰ আৰু বিক্ৰম হাঞ্চেক যিকোনো সময়তে আক্ৰমণ তথা হত্যা কৰাৰ সম্ভাৱনা থকা বুলি পূৰ্বেও খবৰ লাভ কৰিছিল। সংবাদমেলত উল্লেখ কৰি সভাপতিগৰাকীয়ে দলটোৰ কোনো নেতা-কৰ্মী আক্ৰমণ অথবা হত্যাৰ বলি হʼলে চৰকাৰখনেই ইয়াৰ বাবে জগৰীয়া হʼব বুলি সংবাদমেলত উল্লেখ কৰে। দলটোৰ নেতৃত্বৰ বিৰুদ্ধে অপৰাধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপন হোৱা বুলি মন্তব্য কৰি এপিএইচএলচি কোনোধৰণৰ হিংসাত্মক তথা অপৰাধজনক কাৰ্যকলাপৰ সৈতে জড়িত নহয় বুলি সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

দলটোৱে কিতাপৰ পাতত থকা বিষয়ক লৈ ৰাইজৰ মাজত জাগৰণ সৃষ্টি কৰাৰ বাবে চেষ্টা চলাই অহা বুলি সভাপতিখৰাকীয়ে লগতে কয়। দলটোৰ কৰ্মকৰ্তাসকলে হিংসাত্মক কাৰ্যকলাপত জড়িত হʼলেই সেইসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ আনি ব্যৱস্থা গ্ৰহণ কৰাৰো আশংকা প্ৰকাশ কৰে সভাপতি জন ইংতি কাথাৰে। আনহাতে, ডিফু আদালতৰ নিচেই কাষতে চিকিৎসালয় থকাৰ পিছতো স্বাস্থ্য পৰীক্ষাৰ বাবে মাঞ্জালৈ লৈ যোৱা হʼল কিয় বুলিও সভাপতি কাথাৰে প্ৰশ্ন উত্থাপন কৰে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, বিগত পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই এখনো আসন লাভ কৰিবলৈ সক্ষম নহʼলেও ভালেকেইটা সমষ্টিতে দলটোৰ শক্তিশালী গণভিত্তি গঢ় লৈ উঠাতো নিৰ্বাচনী ফলাফলে প্ৰমাণ কৰিছিল। হামৰেণ পৰিষদীয় সমষ্টিতো বিজেপিৰ বিৰুদ্ধে শক্তিশালী প্ৰতিদ্বন্দিতা আগবঢ়াই ভোটৰ হিচাপেৰে দ্বিতীয় স্থান লাভ কৰিছিল দলটোৰ মুখপাত্ৰ আংতং ইংতি কাথাৰে।

Tags: John Inti Katherজন ইংতি কাথাৰ
Share4Tweet3Send

Related Posts

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

by Staff Reporter
June 22, 2026
50
‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
KARBI ANGLONG

‎ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন

by Staff Reporter
June 21, 2026
50
ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং
KARBI ANGLONG

ডিফুত পালন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোগে সুস্থ শৰীৰ, শান্তিপূৰ্ণ মন আৰু সুসম সমাজৰ প্ৰসাৰ ঘটায় – CEM ডাঃ ৰংহাং

by Staff Reporter
June 21, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

by News Desk
June 19, 2026
50
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

June 22, 2026
50
Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য
National-International

Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

June 22, 2026
50
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ
KARBI ANGLONG

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

June 22, 2026
50
Lover Gang Rape : চাৰি বন্ধুৰে মিলি আইনৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ প্ৰেমিকৰ, ভিডিঅ’ দেখুৱাই ব্লেকমেইল
National-International

Raped at 14 I Shweta’s Fight for Justice and Survivor Voices

June 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

June 22, 2026
Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

Gold prices : সপ্তাহৰ আৰম্ভণিতে পুনৰ কমিল সোণৰ মূল্য

June 22, 2026
Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

Karbi Anglong protest I ৮৪ মাহে নাই দৰমহা, কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদৰত কাৰ্বি আংলঙৰ পৌৰ কৰ্মচাৰীৰ

June 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx