![]()
মঙলবাৰে পুৱা ১১.১০ বজাত ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ এখন বাছ কাশ্মীৰৰ পাহালগামৰ ১০০ ফুট দ খাৱৈত পৰি যায়। এই দুৰ্ঘটনাত ৭ জন জোৱান নিহত হোৱাৰ লগতে আহত হয় ৩২ জন। বাছখনত আছিল আইটিবিপিৰ তৃতীয় আৰু চতুৰ্থ বেটেলিয়নৰ ৩৯জন আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ ২জন জোৱান। আটাইকেইজনেই অমৰনাথ যাত্ৰাৰ কৰ্তব্যৰ পৰা উভতি আহি আছিল। বাছখনৰ ব্ৰেক বিকল হোৱাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা।
বাছখনত থকা আইটিবিপিৰ হেড কনিষ্টবল খেৰনাৰ বাপুৱে ব্ৰেক বিকল হোৱাৰ বিষয়ে জনায়। তেওঁ জনোৱা মতে, বাছখন পুৱা অমৰনাথ যাত্ৰাৰ পোষপাত্ৰী শিবিৰৰ পৰা ওলাই আহিছিল। পুৱা প্ৰায় ১১ বজাত পাহালগামৰ ফ্ৰিছলানাৰ ওচৰ পোৱাৰ অলপ পিছতে ড্ৰাইভাৰে চিঞৰি উঠে যে বাছখনৰ ব্ৰেকে কাম কৰা নাই। ব্ৰেক বিকল হৈছে। কেইছেকেণ্ডমানৰ পিছত বাছখন এটা কেঁকুৰিৰ পৰা ২৫০ মিটাৰ দ খাৱৈত পৰে ৷
খেৰনাৰ বাপু সম্প্ৰতি অনন্তনাগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে। তেওঁ ভৰিত আঘাত পাইছে৷ তেওঁ কয় যে বাছখন পৰি যোৱাৰ শব্দ শুনি ওচৰ-চুবুৰীয়া কিছু লোক সহায় কৰিবলৈ দৌৰি আহিছিল। তেওঁ আবদ্ধ হৈ থকা জোৱানসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁলোকক পাহালগাম আৰু তাৰ পিছত অনন্তনাগলৈ অনা হয় ৷
বাপুৱে কয়, “দুৰ্ঘটনাটোৰ পিছত মোৰ সন্মুখত যন্ত্ৰণাত চটফটাই সৈন্যসকলৰ মৃত্যু হোৱা দেখিলোঁ। এই সকলোবোৰ দেখি মোৰ বেয়া লাগিল। সংবাদ মাধ্যমৰ জৰিয়তে মই মোৰ পৰিয়ালটোক ক’ব বিচাৰিছো যে মোৰ অৱস্থা ঠিকেই আছে আৰু মই সুৰক্ষিত।”











