![]()
জম্মু-কাশ্মীৰৰ বিষয়টোক লৈ ভাৰতে পাকিস্তানৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাৰামুলাত অনুষ্ঠিত জনসভাৰ পৰা স্পষ্ট কৰি দিয়ে। তেওঁ সকীয়াই দিয়ে যে উপত্যকাটোৰ ঘাটিৰ পৰা সন্ত্ৰাসবাদক শিপাৰে সৈতে উভালি পেলোৱা হʼব। গৃহমন্ত্ৰীয়ে কয় যে আমি জম্মু-কাশ্মীৰক দেশৰ ভিতৰতে আটাইতকৈ শান্তিপূৰ্ণ স্থান হিচাপে গঢ়ি তুলিব বিচাৰো।
উল্লেখ্য, বিৰোধীয়ে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক পাকিস্তানৰ সৈতে আলোচনা কৰি উপত্যকা সমস্যা সমাধান কৰিবলৈ পৰামৰ্শ দি আহিছে। সেই প্ৰসংগত শ্বাহে কয়, “যিসকলে ৭০ বছৰ শাসন কৰিছে, তেওঁলোকে পাকিস্তানৰ সৈতে কথা পাতিব বিচাৰে। পাকিস্তানৰ লগত আমি কিয় কথা পাতিব লাগে? আমি কথা পাতিম, আমি বাৰামুলাবাসীৰ লগত কথা পাতিম। আমি কাশ্মীৰৰ জনসাধাৰণৰ লগত কথা পাতিম।”
জনসভাৰ পৰা কংগ্ৰেছ আৰু আব্দুল্লা-মুফতীকো আক্ৰমণৰ লক্ষ্য কৰি লয় শ্বাহে। স্বাধীনতাৰ পাছৰে পৰা উপত্যকাটোত কোনো উন্নয়ন হোৱা নাই বুলি দাবী কৰে। তাৰ বাবে আব্দুল্লা-মুফতি আৰু নেহৰু-গান্ধী দায়ী।
শ্বাহে কয়, “মেহবুবা মুফতি আৰু ফাৰুক আব্দুল্লাই চাৰিখন মেডিকেল কলেজ সৃষ্টি কৰিছিল। ২০১৪ চনৰ পৰা আমি ৯ খন মেডিকেল কলেজ সৃষ্টি কৰিছো। এক লাখ ঘৰ সাজিছো। আমি নিশ্চিত কৰিছো যাতে জম্মু-কাশ্মীৰৰ সকলো গাঁৱতে বিদ্যুৎ প্ৰবাহিত হয়। আনকি পাকিস্তান অধিকৃত কাশ্মীৰতো।”













