![]()
ডেংগু ৰোগী এজনক তেজৰ প্লেটলেটৰ সলনি চেলাইনত মৌচুমীৰ ৰস দি শিৰোনাম দখল কৰা উত্তৰ প্ৰদেশৰ এখন ব্যক্তিগত চিকিৎসালয়ত অবৈধ নিৰ্মাণৰ অভিযোগ উত্থাপন হৈছে। প্ৰয়াগৰাজৰ ‘গ্লোবেল হাস্পতাল এণ্ড ট্ৰমা চেণ্টাৰʼলৈ বুলডোজাৰেৰে উৰুৱাই দিয়া হʼব বুলি প্ৰশাসনে সতৰ্কবাণী প্ৰেৰণ কৰে। প্ৰশাসনৰ অনুমতি অবিহনে চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে।
গতিকে শুকুৰবাৰৰ ভিতৰত সমগ্ৰ অঞ্চল খালী কৰিব লাগিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। অৱশ্যে মৌচুমী কাণ্ডৰ পিছতে হাস্পতালখন ছীল কৰা হয়। বৰ্তমান তাত কোনো ৰোগী ভৰ্তি কৰা হোৱা নাই। জাননীখনত লগতে উল্লেখ কৰা হৈছে যে চলিত বৰ্ষৰ আৰম্ভণিতে চিকিৎসালয় কৰ্তৃপক্ষই জাননীৰ প্ৰতি সঁহাৰি নিদিলে, সেয়েহে এইবাৰ বুলডোজাৰ চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে।
চেলাইনত তেজৰ প্লেটলেটৰ সলনি মৌচুমীৰ ৰস দিয়া বুলি অভিযোগ উত্থাপন কৰিছে ৩২ বছৰীয়া ডেংগু ৰোগীৰ পৰিয়ালে। কিন্তু মৌচুমীৰে ভৰা বেগটোত লিখা আছিল ‘প্লাজমা’! মৌচুমীৰ ৰস দেহত প্ৰৱেশ কৰাৰ পিছতে ৰোগীজনৰ অৱস্থা বেয়া হʼবলৈ আৰম্ভ কৰা বুলি পৰিয়ালৰ অভিযোগ।
ততাতৈয়াকৈ ৰোগীজনক আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু তাতেই তেওঁৰ মৃত্যু হয়। পৰিয়ালটোৰ মতে, আন আন চিকিৎসালয়ৰ চিকিৎসকে তেওঁলোকক জনায় যে গ্লোবেল হস্পিতালত তেজৰ প্লেটলেটৰ সলনি কিছুমান ৰাসায়নিক দ্ৰব্য মিহলাই মিঠা মৌচুমীৰ ৰস ৰোগীৰ শৰীৰত দিয়া হৈছিল।
ইফালে তেজৰ প্লেটলেটৰ বেগটোত সঁচাকৈ মৌচুমীৰ ৰস আছিলনে নাই পৰীক্ষা কৰা হৈছিল যদিও সেই প্ৰতিবেদন ৰাজহুৱা কৰা হোৱা নাছিল। সেই সময়ত গ্লোবেল হস্পিতালত কৰ্মৰতসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় মৃতকৰ পৰিয়ালে।
উল্লেখ্য, ডেংগু ৰোগীজনৰ মৃত্যুৰ পিছদিনা প্ৰয়াগৰাজ আৰক্ষীয়ে এটা চক্ৰৰ ১০ জন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁলোক ভুৱা প্লেটলেট যোগান ধৰাৰ ব্যৱসায়ত জড়িত বুলি অভিযোগ উঠিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই চক্ৰটোৱে ব্লাড বেংকৰ পৰা প্লাজমা সংগ্ৰহ কৰি প্লেটলেট হিচাপে বিভিন্ন ঠাইলৈ যোগান ধৰিছিল।











