![]()
বজালী Bajali সদৰ পাঠশালা Pathsala ৰ সমীপত থকা ধুমাৰকুৰ কহৰাত যোৱা নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত দুজন যুৱক ক্ৰমে দখলা ভোগপুৰ গাঁৱৰ দিপাংকৰ বৰ্মন আৰু আৰিয়ান কাশ্যপে মৃত্যুক আঁকোৱালি লয়।

বৰপেটা Barpeta ত জন্মদিনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘূৰি অহা অৱস্থাত আগে আগে গৈ থকা এখন চাৰিচকীয়া বাহনত তেওঁলোকে নিজৰ AS 15 T 7468 নম্বৰৰ ৰয়েল এনফিল্ড হিমাচল বাইকখনেৰে খুন্দা মাৰে।
খুন্দাটো ইমান প্ৰচণ্ড আছিল যে তেওঁলোকৰ বাইকখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়। পৰৱৰ্তী সময়ত, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাৰে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।













